/asomiyapratidin/media/media_files/2025/02/16/swRETIuKby3ICnMKg06Q.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অতি দুৰ্গম নিলোখীয়া, পাটামাৰী, ভোগডহৰ, ফকিৰগঞ্জ, ভোগডাংগা, ফাসকাৰকুটিকে ধৰি কুৰি খনৰো অধিক গাঁও আৰু চৰ অঞ্চল সমূহে একো একোটা গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিচিত হৈ আহিছে। যদিও স্বাধীনতাৰ দীৰ্ঘ বছৰৰ পিচতো শিক্ষা-দীক্ষা, স্বাস্থ্যসেৱা, যাতায়াত আদি ক্ষেত্ৰৰ সুবিধাৰ পৰা সম্পূর্ণভাৱে অৱহেলিত আৰু বঞ্চিত হৈ আহিছে অঞ্চলবাসী ৰাইজ।
কেইবা হেজাৰ হিন্দু-মুছলমান ধৰ্মাৱলম্বী লোকৰ বসতিপ্রধান অঞ্চল কেইটাৰ সৰ্বসাধাৰণ ৰাইজে আজিও নূন্যতম স্বাস্থ্য সেৱাৰ সুবিধা পোৱা নাই। উল্লেখযোগ্য যে এই বৃহত্তৰ অঞ্চল সমূহত দুখীয়া খাটি খোৱা লোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবছৰ পূর্বে দুই-এখন উপ-স্বাস্থ্য কেন্দ্র স্থাপন কৰা হৈছিল যদিও তাত ঔষধ-পাতি পাবলৈ নাই।
এই অঞ্চল কেইটাৰ ৰাইজে সাধাৰণ বেমাৰ-আজাৰ হ'লে চিকিৎসাৰ বাবে ২০-৩০ কিলোমিটাৰ বাটকুৰি বাই বা যন্ত্রচালিত নাও ভাড়া কৰি ধুবুৰী লৈ আহিব লগা হয়। কেতিয়াবা দুখীয়া তথা মুমূর্ষু ৰোগীবোৰে অৰ্থৰ অভাৱত বিনা চিকিৎসাই মৃত্যুমুখত পৰিবলগা হয়।
পৰিতাপৰ বিষয় যে চৰকাৰে চৰাঞ্চলবাসী আৰু দুৰ্গম গাঁও অঞ্চল সমূহত ৰাইজৰ চিকিৎসাৰ সুবিধার্থে উক্ত অঞ্চল সমূহত যি কেইখন উপ-স্বাস্থ্য কেন্দ্র আৰু গ্রাম্য চিকিৎসালয় স্থাপন কৰা হৈছিল তাৰে একাংশ স্বাস্থ্য কেন্দ্রত চিকিৎসা সেৱাৰ নামত ৰাইজে যমৰ যাতনা ভূগিব লগা হৈছে।
ইয়াৰ বিপৰীতে একাংশ উপ-স্বাস্থ্য কেন্দ্র আৰু গ্রাম্য চিকিৎসালয়ত ঔষধ-পাতিৰ অভাৱত স্থানীয় ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। যাতায়তৰ ক্ষেত্ৰতো ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী উল্লেখিত অঞ্চল কেইটা তেনেই পিচপৰা বুলি অভিযোগ উঠিছে। অঞ্চল কেইটাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ শোচনীয় অৱস্থাই ৰাইজক সমস্যাৰ সন্মুখীন কৰিছে।
সম্প্ৰতি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল কেইটাত ধুবুৰী গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ কেইবাখনো উন্নয়ন খণ্ডৰ দ্বাৰা কেইবাটাও পথ নিৰ্মাণ কৰা হৈছে যদিও তাৰো অৱস্থা পুতৌলগা। পথবোৰত ঠায়ে ঠায়ে সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত আৰু কদৰ্যই ৰাইজৰ অহা-যোৱাত অবৰ্ণীয় সমস্যাৰ সৃষ্টি কৰিছে।
অঞ্চল সমূহত কেইবা খনো প্রাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ বাহিৰে উচ্চ শিক্ষা লাভৰ বাবে কোনো বিদ্যালয় নথকাত উচ্চ শিক্ষা লাভৰ আশাৰে ছাত্ৰ-ছাত্ৰীয়ে বহু দূৰ-দূৰণিলৈ গৈ পঢ়া-শুনা কৰিব লগা হৈছে।
এনেকৈয়ে বহুতো দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অৰ্থৰ অভাৱত আধাতে উচ্চ শিক্ষা লাভৰ আশাও ত্যাগ কৰিবলগীয়া হৈছে। যাতায়ত, শিক্ষা আৰু চিকিৎসা সেৱাৰ বাবে উপযুক্ত ব্যৱস্থা নথকাত আজিৰ যুগতো এই অঞ্চল সমুহৰ অশিক্ষিত গাঁৱলীয়া ৰাইজে অন্ধ বিশ্বাসত আৱদ্ধ হৈ বেজ-কবিৰাজৰ ওপৰত নিৰ্ভৰ কৰিবলগাত পৰিছে।