গো-মাংস সৰবৰাহৰ অভিযোগত মতালেব আলীক আটক

নিষিদ্ধ গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধুবুৰী আৰক্ষীৰ অভিযান। বুধবাৰে নিশা ধুবুৰীৰ কছুমুদ্দিন মোৰত আৰক্ষীয়ে এক অভিযান চলাই এটা গো-মাংস সৰৱৰাহকাৰীক আটক কৰে।

author-image
Asomiya Pratidin
New Update
afrfgfgrtgthyt

ডিজিটেল সংবাদ, ধুবুৰীঃ নিষিদ্ধ গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধুবুৰী আৰক্ষীৰ অভিযান। বুধবাৰে নিশা ধুবুৰীৰ কছুমুদ্দিন মোৰত আৰক্ষীয়ে এক অভিযান চলাই এটা গো-মাংস সৰৱৰাহকাৰীক আটক কৰে। আটকাধীন ব্যক্তিজনক মতালেব আলী বুলি জানিব পৰা গৈছে। আটকাধীন সৰবৰাহকাৰীটো ধুবুৰীৰ ভাসানিৰচৰ গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ স্বামী। ধুবুৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে মতালেব আলীক সোধাপোছা অব্যাহত ৰাখিছে। 

উল্লেখযোগ্য যে,  ১৪ ছেপ্টেম্বৰত ধুবুৰী আৰক্ষীয়ে কছুমুদ্দিন মোৰত অভিযান চলাই ৫০ কিল'গ্ৰাম নিষিদ্ধ গো- মাংসসহ আব্দুল আজিজ, আবুল কালাম আৰু এগৰাকী মহিলাকআটক কৰিছিল যদিও মতালেব আলীয়ে উক্ত স্থানৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল। আটাইকেইজনৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে ধুবুৰী থানাত ৩৮১/২৫ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰী