নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলং "জুবিন গাৰ্গ সেতু" নামেৰে নামাকৰণ কৰাৰ আহ্বান

নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলং খনৰ নামাকৰণ জুবিন গাৰ্গৰ নামেৰে হোৱাটো বিচাৰিছে ধুবুৰীৰ ৰাইজে।

author-image
Asomiya Pratidin
New Update
xcxcxcxcx

ডিজিটেল সংবাদ, ধুবুৰীঃ নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলং খনৰ নামাকৰণ জুবিন গাৰ্গৰ নামেৰে হোৱাটো বিচাৰিছে ধুবুৰীৰ ৰাইজে। সোমবাৰে সন্ধিয়া ধুবুৰীৰ মেলাঘাটৰ সমীপত আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধুবুৰী চহৰৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

ধুবুৰীৰ সমাজকৰ্মী ৰেজ্জাক খানৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত চহৰখনৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰি শেহতীয়াকৈ ধুবুৰী আৰু মেঘালয়ৰ মাজত নিৰ্মীয়মাণ দেশৰ ভিতৰতে সৰ্ববৃহৎ ১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী-ফুলবাৰী দলং খন "জুবিন গাৰ্গ সেতু" নামেৰে  নামাকৰণ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছে।

ইতিমধ্যে ধুবুৰীৰ ৰাইজে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। লগতে ধুবুৰীবাসীয়ে গণ স্বাক্ষৰ অভিযানৰ কামো আৰম্ভ কৰা বুলি সমাজকৰ্মী ৰেজ্জাক খানে জানিবলৈ দিয়ে।

জুবিন গাৰ্গ জুবিন