ৰাষ্ট্ৰ বিৰোধী অডিঅ' বাৰ্তা প্ৰেৰণ কৰি ৰঙাঘৰত সোমাল এজন

ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত- বাংলদেশ সীমান্তৰ পৰা আৰক্ষীয়ে যোৱা নিশা ৰাষ্ট্ৰ বিৰোধী তথা মৌলবাদী শক্তিৰ লগত জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক আটক কৰিছে ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ  ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত মৌলবাদী শক্তিয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত এলেকাত আৰক্ষী, বিএছএফ কে ধৰি নিৰাপত্তাৰক্ষীৰ দলে তহল অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইয়াৰ মাজতে ধুবুৰীৰ গোলকগঞ্জৰ ভাৰত- বাংলদেশ সীমান্তৰ পৰা আৰক্ষীয়ে যোৱা নিশা ৰাষ্ট্ৰ বিৰোধী তথা মৌলবাদী শক্তিৰ লগত জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক আটক কৰাৰ বাতৰি পোৱা গৈছে।আৰক্ষীয়ে ধৃত ব্যক্তি জনৰ পৰা এটা এয়াৰগান, মোবাইল সহ কিছু আপত্তিজনক নথিপত্ৰও উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। 

ধৃত ব্যক্তি জনক ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ লক্ষীমাৰীৰ নায়েৰছৰা গাওঁৰ আলী হুচেইন বেপাৰী বুলি চিনাক্ত কৰা হৈছে। সূত্ৰ মতে, বাংলাদেশৰ মৌলবাদী সংগঠনৰ নাম লৈ বিভিন্ন জনক ভয়-ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগত ব্যক্তি গৰাকীক আৰক্ষীয়ে যোৱা নিশাই তেওঁৰ ঘৰৰ পৰা আটক কৰি গোলকগন্জ আৰক্ষী থানালৈ লৈ আনে।  

ধৃত ব্যক্তি গৰাকীৰ সৈতে বাংলাদেশৰ বিভিন্ন মৌলবাদী শক্তিৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোকে লাভ কৰিছে বুলি সূত্ৰত প্ৰকাশ থাকে। উল্লেখযোগ্য যে,  ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্ত এলেকা অশান্ত কৰি তোলাৰ পৰিকল্পনাও ৰচিছিল ধৃত ব্যক্তি জনে।

কিছুদিন পুৰ্বে ভাৰত বাংলাদেশ সীমান্তৰ বহু লোকৰ ম'বাইলত ভাবুকি ভৰা ৰাষ্ট্ৰ বিৰোধী অডিঅ' বাৰ্তা, বাংলাদেশৰ জামাত- ই- ইছলামী সংগঠনৰ পতাকা আদি আন্ত: ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা কেইবাজনো ভাৰতীয় লোকলৈ সেয়া প্ৰেৰণ কৰিছিল।

বাংলা দেশৰ জামাত-ই-ইছলামী সংগঠনৰ ফালৰ পৰা কোৱা হৈছে বুলি কৈ উক্ত অডিঅ' বাৰ্তা পাই জিলা খনৰ সীমান্ত অন্চলৰ বহু লোক আতংক গ্ৰস্ত হৈ পৰা দেখা গৈছিল। পিচত ধুবুৰী জিলা আৰক্ষীয়ে এই বিষয়ত অনুসন্ধান অব্যাহত ৰাখি যোৱা নিশা আলী হুচেইন বেপাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও উক্ত ঘটনাৰ সৈতে আৰু কেবা জনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাৰ সুযোগতে একাংশ ৰাষ্ট্ৰ বিৰোধী শক্তিয়ে বাংলাদেশৰ ছিম কাৰ্ড ব্যৱহাৰ কৰিও এই ভাবুকি প্ৰদান কৰাৰো সন্দেহ কৰিছিল আৰক্ষীয়ে।বৰ্তমানে ধৃত আলী হুচেইন বেপাৰীক গোলকগন্জ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ধুবুৰী