ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱসঃ যাদৱ পায়েঙে ৰোপণ কৰিলে গছ পুলি

ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয় চৌহদত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বৃক্ষ ৰোপণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
dhubri 13

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয় চৌহদত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধ্যক্ষ অংকুমণি শইকীয়াৰ সু-পৰিচালনাত আৰু সু নেতৃত্বত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়খনে ইতিমধ্যে চিকিৎসাৰ ক্ষেত্ৰত ৰাইজক যথেষ্টখিনি সেৱা-শুশ্ৰুষা আগৱঢ়াই আহিবলৈ সক্ষম হৈছে।

ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাই মেডিকেল কলেজখনৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক, অধ্যক্ষ অংকুমণি শইকীয়াকে ধৰি সকলো কৰ্মচাৰীয়ে মেডিকেল কলেজৰ প্ৰশাসনিক ভৱনত একত্ৰিত হৈ পতাকা উত্তোলন কৰে। পিচত উপস্থিত সকলোৱে মেডিকেল কলেজৰ এটি সংগীত পৰিৱেশন কৰি পুৱাৰ ভাগত ধুবুৰী মেডিকেল কলেজ  চৌহদত গছপুলি ৰোপণ কৰা হয়।

উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী যাদৱ পায়েঙে। আজি ধুবুৰী মেডিকেল কলেজৰ দৰে এখন গুৰুত্ব পূৰ্ণ স্থানত গছ পুলি ৰোপণ কৰিবলৈ পাই নিজকে বৰকৈ সুখী অনুভৱ হোৱা বুলি ব্যক্ত কৰি অসমৰ অন্যান্য ঠাইৰ লগতে ধুবুৰীতো গছ পুলি ৰোপণৰ অভিযানৰ কাম পূৰ্ণ গতিত চলাই যোৱাৰ বাবে ৰাজ্যৰ বিশিষ্ট প্ৰকৃতি প্ৰেমী যাদৱ পায়েঙে সকলো শ্ৰেণীৰ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়।

আনহাতে আজি ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সভাৰো আয়োজন কৰা হয়। সভাত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ে জন সাধাৰণৰ কাষত থাকি অধিক সেৱা আগৱঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

যাদৱ পায়েং dhubri medical college and hospital