ধুবুৰীত বিলাতী মদৰ দোকান বন্ধ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

আজি সন্ধিয়া প্ৰায় ৬ বজাত ধুবুৰী চহৰৰ মিছন ৰোড, খলিলপুৰ অঞ্চলৰ ৰাইজে নতুনকৈ খোলা মদৰ দোকান টো ঘেৰাও কৰি উক্ত মদৰ দোকান শীঘ্ৰে বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ  ধুবুৰী চহৰৰ ৰামকৃষ্ণ মিছন ৰোডৰ খলিলপুৰত বিলাতী মদৰ দোকান নতুনকৈ খোলাক কেন্দ্ৰ কৰি আজি তৃতীয় দিনাও স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিত উত্তাল কৰি তোলে। আজি সন্ধিয়া প্ৰায় ৬ বজাত ধুবুৰী চহৰৰ মিছন ৰোড, খলিলপুৰ অঞ্চলৰ ৰাইজে নতুনকৈ খোলা মদৰ দোকান টো ঘেৰাও কৰি উক্ত মদৰ দোকান শীঘ্ৰে বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

আজি উত্তেজিত ৰাইজে সেই স্থানত টায়াৰ জ্বলাই প্ৰতিবাদী শ্ল'গান দিয়াৰ সময় তে ধুবুৰী আৰক্ষীৰ এটি দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ টায়াৰৰ জুই নুমাবলৈ সক্ষম হয়। পিচত প্ৰতিবাদকাৰী জনতাই খলিল পুৰত অৱস্থিত উক্ত মদৰ দোকানটো অতি শীঘ্ৰে বন্ধ নকৰিলে ধুবুৰীৰ ৰাজপথ অৱৰোধ কৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে।

অঞ্চলটোৰ স্থানীয় বাসিন্দা নিৰঞ্জন কুমাৰ দাসে আজি ক্ষোভেৰে কয় যে, যদি ধুবুৰী জিলা প্ৰশাসনে অনতিপলমে উক্ত মদৰ দোকান টো বন্ধ নকৰে তেনেহ'লে খলিলপুৰৰ জনতাই আগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে। মনকৰিব লগীয়া যে খলিলপুৰ অঞ্চলখন এখন জনবসতি অঞ্চল।

ইয়াৰ গাতে লাগি আছে কেইবাটাও স্কুল,কলেজ, মঠ - মন্দিৰ আৰু ব্যক্তিগত চিকিৎসা কেন্দ্ৰ। ওচৰতে আছে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়। ইয়াৰ পিচতো জিলা প্ৰশাসনে কিহৰ স্বাৰ্থত উক্ত মদৰ দোকানটো খোলাৰ অনুমতি দিলে তাক লৈও ৰাইজৰ মাজত সন্দেহৰ প্ৰশ্নই গা কৰি উঠা পৰিলক্ষিত হৈছে।

আনহাতে স্থানীয় ৰাইজে এইবাৰ বিধান সভা নিৰ্বাচনত মদৰ দোকানটো বন্ধ নক ৰিলে ভোট বৰ্জন কৰাৰ লগতে এইক্ষেত্ৰত অসমৰ মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী উল্থাপন কৰিছে। ইপিনে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ধুবুৰীৰ গৌৰীপুৰৰ আশাৰীকান্দিৰ শম্ভূ বৰ্মণ নামৰ এজন ব্যক্তিৰ নামত থকা উক্ত মদৰ দোকানটো ধুবুৰীৰ খলিল পুৰত বহুৱাৰ আঁৰতে ধুবুৰী জিলাৰ সত্ৰশাল ৰ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী কৃপা সিন্দু সৰকাৰে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলি স্থানীয় জনগণে অভিযোগ কৰে।

আজি ক্ষুব্ধ ৰাইজে কৃপা সিন্দু সৰকাৰৰ ফটো হাতত লৈ কৃপা সিন্দু সৰকাৰ ক খলিলপুৰৰ পৰা মদৰ দোকান সহ আঁতৰি যোৱাৰো দাবী উত্থাপন কৰা দেখা গৈছে। উল্লেখ্য যে অঞ্চল টোৰ স্থানীয় ৰাইজে যোৱা ৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদ আজি তৃতীয় দিনাত ভৰি দিলে যদিও এইক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী আৱকাৰী বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই এতিয়া লক্ষণীয় হৈ পৰিছে।

ধুবুৰী