ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় ভাৰত বিৰোধী চক্ৰঃ সীমান্তৱৰ্তী লোকক ভাবুকি

এইবাৰ বাংলাদেশৰ মৌলবাদী সংগঠন জামায়াত ইছলামীৰ নামলৈ ধুবুৰীৰ সীমান্ত এলেকাৰ বহু লোকক ফোন যোগে ভাবুকি প্ৰদানৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় ভাৰত বিৰোধী চক্ৰঃ সীমান্তৱৰ্তী লোকক ভাবুকি

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্ত অঞ্চল অস্থিৰ কৰি তোলাৰ বাবে ভাৰত বিৰোধী চক্ৰই অহৰহ চেষ্টা চলাই থকাৰ মাজতে এইবাৰ বাংলাদেশৰ মৌলবাদী সংগঠন জামায়াত ইছলামীৰ নামলৈ ধুবুৰীৰ সীমান্ত এলেকাৰ বহু লোকক ফোন যোগে ভাবুকি প্ৰদানৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ  অনুসৰি জিলাখনৰ গোলকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী, বিষখোৱা আদি গাঁৱৰ কেইবাজনো ব্যক্তিৰ মোবাইলত অডিঅ' মেছেজ যোগে বাংলাদেশৰ পৰা ভাবুকি অহাৰ বাতৰি পোৱা গৈছে। 

Advertisment

উক্ত অডিঅ' বাৰ্তাত জামায়াত ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিনতি ভয়াবহ হ'ব বুলি হুংকাৰ দিয়া দেখা গৈছে। আনহতে জামায়াত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ললে সীমান্তবৰ্তী গাওঁসমূহৰ ঘৰবাৰী জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে উক্ত অডিঅ' বাৰ্তাসমূহ বাংলাদেশৰ  +৮৮০ ১৭১৯০ ৭১৯২৭ নম্বৰৰ পৰা অহা বুলি জানিব পৰা গৈছে। 

ইতিমধ্যে উক্ত বিষয়ত স্থানীয় ৰাইজে গোলকগঞ্জ আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত এলেকাৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশী পতাকাৰ লগতে ২৫ খনকৈ বাংলাদেশী চিম কাৰ্ডসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জে'ল হাজোত লৈ প্ৰেৰণ কৰিছিল। 

ইপিনে এই ঘটনাই জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰত বিৰোধী চক্ৰ সক্ৰিয় হৈ পৰাৰ লগতে তেওঁলোকৰ গতি বিধিও চলি থকা বুলি স্থানীয় সচেতন মহলে আশংকা ব্যক্ত কৰিছে।

বাংলাদেশ বাংলাদেশ সীমান্ত ভাৰত-বাংলাদেশ সীমান্ত