/asomiyapratidin/media/media_files/2025/10/03/breaking-news-2025-10-03-18-32-28.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিয়ামাৰী দলঙৰ কাষত গদাধৰ নৈৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহ এটি উদ্ধাৰ কৰে। জানিব পৰা মতে, শুকুৰবাৰে পুৱা ৰাইজে গদাধৰ নৈৰে মৃতদেহ এটি ভাহি যোৱা প্ৰত্যক্ষ কৰি স্থানীয় থানাত অৱগত কৰে।
পাছত ঘটনাস্থলীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসৰ লগতে আৰক্ষীৰ দল এটি উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে। পানীত তলমূৱাকৈ ওপঙি থকা মৃতদেহটো এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে।
ইফালে, উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ বয়স প্ৰায় ৪৫ বছৰ হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। পিন্ধনত কাপোৰ আৰু কমলা ৰঙৰ ব্লাউজ পৰিহিত মৃত মহিলা গৰাকীৰ ডিঙিত আৰু শৰীৰত আঘাতৰ চিহ্ন থকা বুলি ৰাইজে জানিবলৈ দিয়াৰ লগতে কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়া বুলি ধাৰণা কৰা হৈছে।