ৰেষ্টুৰেণ্টৰ ভিতৰত যুৱক-যুৱতীক বিশেষ কোঠাত বিশেষ সুবিধা দিয়াৰ অভিযোগ

ধুবুৰীৰ গৌৰীপুৰত FOOD QUEST ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন হৈছে। এই ৰেষ্টুৰেণ্টৰ ভিতৰত যুৱক- যুৱতীক বিশেষ কোঠাত দিয়া হয় বিশেষ সুবিধা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-13 at 10.31.59 AM

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ ধুবুৰীৰ গৌৰীপুৰত FOOD QUEST ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন হৈছে। এই ৰেষ্টুৰেণ্টৰ ভিতৰত যুৱক- যুৱতীক বিশেষ কোঠাত দিয়া হয় বিশেষ সুবিধা।

শেহতীয়াকৈ ভাইৰেল হৈছে এই ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ এটা ভিডিঅ। সেই ভিডিঅটোত এহাল যুৱক যুৱতীক কোঠাত বহিবলৈ দি হুক লগাই বন্ধ কৰি দিছে মেনেজাৰে। অভিযোগ অনুসৰি, যুৱক-যুৱতীয়ে ৰেষ্টুৰেণ্টৰ কোঠাত অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ সুযোগ কৰি দিয়ে ৰেষ্টুৰেণ্টৰ মেনেজাৰে। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ এনে কৰ্মকাণ্ডত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰেষ্টুৰেণ্টৰ গৰাকী জাকাৰীয়া হোসেন সৰকাৰ ওৰফে বিট্টুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰেষ্টুৰেণ্ট খনৰ বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ।

গৌৰীপুৰ