/asomiyapratidin/media/media_files/2025/10/12/ygtudgsdjkassdnhiugtdy-2025-10-12-18-22-33.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত বৃহৎ চিণ্ডিকেটৰে বহিঃৰাজ্যৰ উটৰ ৰমৰমীয়া বেহা গা কৰি উঠিছে। উট চিণ্ডিকেটৰ লগত জড়িত তিনিজনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰাৰ পিছত উটৰ চিণ্ডিকেটৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত ৪২৩/২৫ নম্বৰত গোচৰ ৰুজু হৈছে।
জানিব পৰা মতে, বহিঃৰাজ্য তথা ৰাজস্থানৰ পৰা মালবাহী ট্ৰাকেৰে উট সৰবৰাহ কৰি ধুবুৰী লৈ অনাৰ পিচত জিলা খনৰ বিভিন্ন পথেৰে বাংলাদেশ লৈ চোৰাং ভাবে উট সৰৱৰাহ কৰা বুলি ৰাইজে ধাৰণা কৰিছে। বিভাগীয় নীতি নিয়ম উলংঘাৰে জিলা খনলৈ উট সৰৱৰাহ কৰি থকাৰ সময়তে যোৱা ১১ অক্টোবৰত গৌৰীপুৰৰ চাৰালডাঙাত অৱস্থিত এম বি চি ইটা উদ্যোগৰ পৰা আৰক্ষীয়ে ট্ৰাক সহ ১৪ টা চোৰাং উট জব্দ কৰিছিল। পিছত আৰক্ষীয়ে শ্বহিদুৰ হক নামৰ যুৱক এজনক সোধা পোছাৰ বাবে আটক কৰাৰ লগতে শ্বহিদুৰ হকৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই উট সৰৱৰাহৰ মূল মাষ্টাৰ মাইণ্ড তথা ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ জাবেদ আলী আৰু বানিয়ামাৰী ৪ৰ্থ খণ্ড গাঁৱৰ মাজিমূল হকক আটক কৰে।
উল্লেখ্য যে, চোৰাং গৰুৰ পিছত এইবাৰ চোৰাং উটৰ চিণ্ডিকেট চলিছে। জানিব পৰা মতে, প্ৰত্যেক নিশা ৰাজস্থানৰ পৰা চোৰাংকৈ ট্ৰাকে ট্ৰাকে উট কঢিয়াই অনাৰ পিছত গৌৰীপুৰৰ বিভিন্ন গোপন স্থানত মজুত কৰি ৰাখি সৰবৰাহ কৰে।
ইফালে, অভিযোগ অনুসৰি গৌৰীপুৰৰ দুৰ্গম অঞ্চলত উট সমূহ একগোট কৰি ৰখাৰ পিছত টিপকাই আৰু ব্ৰহ্মপুত্ৰ নদীপথেৰে বাংলাদেশ লৈ সৰৱৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। গৌৰীপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উটৰ চিণ্ডিকেট চক্ৰৰে জড়িত আন বহু উট সৰৱৰাহ কাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।