/asomiyapratidin/media/media_files/2025/09/29/dhubri-29-2025-09-29-17-27-41.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ আজি মহা সপ্তমী যদিও গণ শিল্পী তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ বাবেই ধুবুৰীৰ পূজাস্থলীসমূহত সেমেকা পৰিৱেশে বিৰাজ কৰি থকা দেখা গৈছে। জিলাখনৰ পূজাস্থলীসমূহত পূৰ্বৰ জাকজমকতাৰ পৰিৱৰ্তে কেৱল আধ্যাত্মিক পৰিৱেশৰ মাজেৰে হে অনুষ্ঠিত হৈছে দুৰ্গা পূজা।
এইবেলি ধুবুৰীৰ পুলিচ ৰিজাৰ্ভৰ পূজা কমিটীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দুৰ্গা পূজাৰ আয়োজন কৰা দেখা গৈছে। অসম আৰক্ষীৰ ফালৰ পৰা ধুবুৰী আৰক্ষী ছাউনীৰ ৰিজাৰ্ভ অ'ফিচাৰ বানেশ্বৰ স্বৰ্গিয়াৰীৰ মা দুৰ্গা লৈ কাতৰ আহ্বান অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক পুনৰ যেন অসমৰ বুকুত মানৱ ৰূপে প্ৰেৰণ কৰে।
উল্লেখ্য যে, ধুবুৰীৰ পুলিচ ৰিজাৰ্ভ পূজা কমিটীয়ে এইবাৰ ৭০ বছৰত ভৰি দিলে। আইন শৃংখলাৰ দায়িত্বত নিয়োজিত হৈ থকা জিলাখনৰ আৰক্ষীৰ লোকসকলে ১৯৫৫ চনৰ পৰা ধুবুৰীৰ পুলিচ ৰিজাৰ্ভত দুৰ্গোৎসৱ পালন কৰি আহিছে।
ধুবুৰীৰ পুলিচ ৰিজাৰ্ভ পূজা কমিটীৰ ঢাক নৃত্য বিশেষ আকৰ্ষণ বুলি ক'ব পাৰি। প্ৰতিবাৰেই গৃহৰক্ষী বাহিনীৰ জোৱানসকলে এই ঢাক নৃত্যপৰিৱেশন কৰি আহিছে। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ লোকসকলে ধুবুৰী পুলিচ ৰিজাৰ্ভত প্ৰতিবছৰে পূজা পালন কৰি আহিছে।