/asomiyapratidin/media/media_files/2026/01/16/dasjbjwasghwjqgsqkj-2026-01-16-15-54-21.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াবাগ অঞ্চলত বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা এক ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিমেণ্ট চুৰিৰ সন্দেহত এজন গাড়ী চালকক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, নিহত যুৱকজন মাটিয়াবাগ অঞ্চলৰ ছানোৱাৰ হুছেইন (২৭)। অভিযোগ অনুসৰি, চিমেণ্ট চুৰিৰ অপবাদত ছানোৱাৰ হুছেইনক কদম আলী আৰু তেওঁৰ পিতৃয়ে মিলি মৰিয়াই মৰিয়াই হত্যা কৰে। হত্যাৰ পাছত বিদ্যুৎ টাৱাৰত ওলোমাই ৰাখি ঘটনাক আত্মহত্যা বুলি দেখুৱাবলৈ চেষ্টা কৰা হয় বুলি স্থানীয় লোক আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।
আনহাতে, এই খবৰ পোৱাৰ লগে লগে নিশাই গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। এই হত্যাকাণ্ডক লৈ গৌৰীপুৰ আৰু মাটিয়াবাগ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
ইফালে, হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত কদম আলী আৰু তেওঁৰ পিতৃ বৰ্তমানেও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিছে যদিও এতিয়ালৈকে কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, অভিযুক্ত কদম আলীৰ গৌৰীপুৰ আৰক্ষী থানাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ থানাত দালালী কৰি অঞ্চলবাসীক ভয়-ভাবুকি দি দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সন্দৰ্ভত নিহত যুৱকৰ পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। হত্যাকাণ্ডৰে জড়িত সকলো অভিযুক্তক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us