ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

অসম সাহিত্য সভাৰ অন্যতম জিলা সাহিত্য সভা ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনখনি অহা ২৫ আৰু ২৬ জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব

author-image
Asomiya Pratidin
New Update
DHUBRISAHITYSABHARRAR;LKSLDK;LDF

ডিজিটেল সংবাদ, ধুবুৰীঃঅসম সাহিত্য সভাৰ অন্যতম জিলা সাহিত্য সভা ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনখনি অহা ২৫ আৰু ২৬ জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ শতদল স্বীকৃত শাখা সাহিত্য সভা ভোলানাথ মহাবিদ্যালয় ভাষা-সাহিত্য চ'ৰা অসমীয়া বিভাগৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ আতিথ্যত অনুষ্ঠিত কৰাৰ যো-জা কৰা হৈছে। 

এই বিষয়ে বৃহস্পতিবাৰে এক সংবাদমেলযোগে জনায় অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° উপেন্দ্ৰ জিৎ শৰ্মাই। তদুপলক্ষ্যে ধুবুৰী ভোলা নাথ মহাবিদ্যালয় অসমীয়া বিভাগ আৰু ভোলানাথ মহাবিদ্যালয় ভাষা-সাহিত্য চ'ৰাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে জিলা সভাৰ এখন কৰ্ণধাৰ সভা অনুষ্ঠিত হয় বুলি সংবাদমেলত তেওঁ জনায়।  লগতে অধিবেশনৰ বিতং কাৰ্যসূচী ৰূপায়ন প্ৰসংগত আলোচনা কৰা হয় বুলিও কয়। 

অধিবেশনৰ মুকলি সভাত জিলা সাহিত্য সভাৰ শিক্ষাৰত্ন সন্মান জিলাখনৰ বৰ্ষীয়ান শিক্ষাবিদ অধ্যাপক হবিবুৰ ৰহমান, সমাজৰত্ন সন্মান কাছাৰীহাটৰ সুভাষ ৰায় আৰু কৃষকৰত্ন সন্মান লক্ষীগঞ্জৰ ৰাজেন্দ্ৰ নাথক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়।

২৫ জানুৱাৰী তাৰিখে ধুবুৰী জিলা সাহিত্য সভাৰ সৌজন্যত নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান ৰামধেনু, মহিলাৰ অনুষ্ঠান আকাশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ২৬ জানুৱাৰী তাৰিখে সাহিত্য পাঠ আৰু স্বৰচিত কবিতা পাঠ, প্ৰতিনিধি সভা, মুকলি সভা, বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। জিলা সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন শাখা সাহিত্য সভাৰ লগতে সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতি জিলা সাহিত্য সভাই আৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

সাহিত্য সভা