ধুবুৰীৰ কেইবাটাও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় ৰেঞ্জাৰ শূন্যঃ নাই পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীও

ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অভাৱত কাম-কাজত চৰম অচলাৱস্থাই গা কৰি উঠাৰ সমান্তৰালকৈ জিলাখনৰ বহু আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত নাই ৰেঞ্জাৰ।

author-image
Tushar Pratim
New Update
DHUBRI 07

ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰে ৰাজ্যখনৰ বনজ সম্পদকে ধৰি বনৰীয়া জীৱ-জন্তুৰ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা বুলি ফটা ঢোল বজাই থকাৰ সময়তে ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অভাৱত কাম-কাজত চৰম অচলাৱস্থাই গা কৰি উঠাৰ অভিযোগ উত্থাপিত হৈছে। 

অভিযোগ অনুসৰি ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ অধীনৰ সাপট গ্ৰাম, শালকোচা আৰু ধুবুৰী ফৰেষ্ট চেক ষ্টেচনত ফৰেষ্ট ৰেঞ্জাৰ অৰ্থাৎ আঞ্চলিক বন বিষয়া অবিহনেই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় কেইটা দীৰ্ঘ দিনে চলি থকাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। তদুপৰি অসম-পশ্চিমবংগ সীমান্তৰ অতি গুৰুত্বপূৰ্ণ ছাগলীয়াত থকা ছাগলীয়া ফৰেষ্ট একাউণ্ট বীট, হাটশিঙিমাৰী ফৰেষ্ট একাউণ্ট বীটতো দীৰ্ঘ দিনৰ পৰা নাই কোনো আঞ্চলিক বন বিষয়া। 

উল্লেখযোগ্য যে ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ অধীনত হাতীধূৰা, মটেৰ ঝাৰ, আলোকঝাৰী, গৌৰীপুৰ, ৰোকাখাতা, শ্ৰীগ্ৰাম, চান্দৰ ডিঙা, সৰ্পমাৰী, সোণামুখী, টোকৰাবান্ধাকে ধৰি কেবাটাও বন পৰীক্ষণ চকী আছে। এই বন পৰীক্ষণসমূহক একো একোটা আঞ্চলিক বন বিষয়াই পৰিচালনা কৰিব লাগে যদিও ধুবুৰীত বৰ্তমানে কোনো এটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়তে ৰেঞ্জাৰ নথকাৰ বাবেই ধুবুৰী বন বিভাগৰ এলেকাধীন অঞ্চলসমূহত কাঠৰ চোৰাং সৰবৰাহ, বালি-মাটি মাফিয়াৰ দৌৰাত্ম্যই সাধাৰণ শ্ৰেণীৰ ৰাইজক এক প্ৰকাৰ অতিষ্ঠ কৰি তুলিছে।  

ধুবুৰী বন বিভাগৰ কেবাটাও আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘ দিনে ৰেঞ্জাৰ  নথকাৰ বিষয়টো অৱগত হোৱাৰ পিচতো সংশ্লিষ্ট ঊৰ্ধতন কৰ্তৃপক্ষই এইক্ষেত্ৰত কিয় ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা নাই ইয়াকে লৈ এক কৌতুহলৰো সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে ধুবুৰী জিলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে অতি শীঘ্ৰে ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ অধীনস্থ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়সমূহত ৰেঞ্জাৰৰ নিয়োগ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে।

বন বিভাগ