/asomiyapratidin/media/media_files/2025/12/19/xcxcxcxcc-2025-12-19-19-14-49.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমে উত্তপ্ত হৈ পৰাৰ লগতে দেশখনৰ কট্টৰ মৌলবাদী সংগঠনৰ কিছু সদস্যই অসম তথা উত্তৰ-পূৱৰ ৰাজ্য সমুহক অস্থিৰ কৰি তোলাৰ বাবে এক ভয়াৱহ ব্লু-প্ৰিণ্ট ৰচনা কৰা বুলি এটি সূত্ৰই আজি সদৰী কৰিছে। বাংলাদেশৰ কট্টৰ জামাতে-ইছলামীকে ধৰি কেইবাটাও মৌলবাদী সংগঠনে ভাৰত-বাংলাদেশ সীমান্ত এলেকা সমূহক টাৰ্গেট কৰি লোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰিছে।
সূত্ৰটোৰ মতে, ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ লগতে কাষৰীয়া পশ্চিম বংগ ৰাজ্যৰ বাংলাদেশ সীমান্তৱৰ্তী কোচবিহাৰ, তুফানগঞ্জ আদি এলেকাত অস্থিৰ কৰিতোলাৰ বাবে এক ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰিছে। শেহতীয়া খবৰ অনুসৰি, ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী গাঁৱৰ এগৰাকী যুৱকৰ সন্ধানত লক্ষ্ণৌ পুলিচৰ এটি দল ১৮ ডিচেম্বৰত ধুবুৰীত আহি উপস্থিত হয়। লক্ষ্ণৌ এটিএছত ২০২২ চনতে গোচৰ ৰুজু হৈ থকা চাদিক আলী নামৰ এজন যুৱকক বিচাৰি বৃহস্পতিবাৰে ধুবুৰীত আহি উপস্থিত হয় লক্ষ্ণৌ পুলিচৰ এটিএছৰ দলটো।
উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তৰ গাতে লাগি থকা টাকীমাৰি অঞ্চলত ঘৰ চাদিক আলীৰ।লক্ষ্ণৌ পুলিচৰ এটিএছৰ দলটোৱে কালিয়েই স্থানীয় ধুবুৰী আৰক্ষীৰ এটি দলক লগত লৈ পলাতক হৈ থকা চাদিক আলীৰ টাকীমাৰিস্থিত তেওঁৰ বাসভৱনত গৈ উপস্থিত হয়। লক্ষ্ণৌ পুলিচৰ এটিএছৰ দলটোৱে টাকী মাৰীত গৈ চাদিক আলীৰ পিতৃ মোক্তাল আলীক সাক্ষাৎ কৰি চাদিক আলীৰ বিষয়ে সোধা-পোচা কৰাত তেওঁৰ পুত্ৰ চাদিক আলীয়ে দীৰ্ঘদিনৰ পৰা তেওঁৰ টাকিমাৰীৰ ঘৰত অহা নাই বুলি জানিবলৈ দিয়ে।
আনহাতে, লক্ষ্ণৌ পুলিচৰ এটিএছৰ দলটোৱে আজি সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি চাদিক আলী নামৰ যুৱকজনে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকীমাৰি গাওঁৰ পৰা গৈ উত্তৰ প্ৰদেশৰ দেওবন্দত পঢ়া-শুনাও কৰিছিল। বিগত ২০২২ চনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা এক অভিযান চলাই প্ৰায় ১০-১২ জনীয়া উত্তৰ প্ৰদেশৰ যুৱকৰ এটি দলক ৰাষ্ট্ৰদ্ৰোহী অৰ্থাৎ দেশ বিৰোধী কাৰ্য কলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
উত্তৰ প্ৰদেশ আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত আৰু সোধা-পোচা চলাই থকা সময়ত গ্ৰেপ্তাৰ হোৱা সেই ১০-১২ জনীয়া যুৱকৰ দলটোৰ মাজৰ পৰা এজনে ধুবুৰীৰ টাকিমাৰীৰ চাদিক আলীৰ নামটো উল্লেখ কৰি ভাৰত বিৰোধী কাৰ্যত জড়িত থকাৰ কথা পুলিচৰ আগত ভাষ্য দিছিল।
আনহাতে, সূত্ৰ মতে চাদিক আলীয়ে দেওবন্দত পঢ়া সময়ছোৱাত ইছলামিক পাঠ্যপুথিৰ অধ্যয়ন আৰু ইছলামৰ নামত চৰম উচটনি মূলক মন্তব্য ইছলাম ধৰ্মাৱলম্বী যুৱকৰ মাজত প্ৰচাৰ চলাইছিল। লগতে চাদিক আলীৰ বিৰুদ্ধে পৰৱৰ্তীত বিভিন্ন দেশ বিৰোধী কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগো উত্থাপিত হৈছিল।
ইপিনে, দীৰ্ঘদিনে পলাতক হৈ থকা চাদিক আলীৰ সন্ধানত লক্ষ্ণৌ পুলিচ সৰৱ হৈ পৰা দেখা গৈছে। ইতিমধ্যে উত্তৰ প্ৰদেশৰ বিশেষ আদালতে পলাতক চাদিক আলীক অহা ২০২৬ বৰ্ষৰ ১৩ জানুৱাৰীত এটিএছ অথবা নিয়াৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। উক্ত তাৰিখত নিয়া আদালতত হাজিৰ নহ'লে চাদিক আলীৰ ধুবুৰীৰ টাকীমাৰিত থকা সম্পত্তি বাজেয়াপ্ত কৰা হ'ব বুলি আদালতে জাৰি কৰা জাননী খনত উল্লেখ আছে।
ইতিমধ্যে, লক্ষ্ণৌ এটিএছৰ দলে ৮২ নং ধাৰাৰ অধীনত চাদিক আলীৰ টাকিমাৰিৰ বাসগৃহত জাননী জাৰি কৰাৰ লগতে গাঁওখনত গৈ গাওঁবাসীৰ মাজতো এই জাননীখন জাৰী কৰিছে। মন কৰিবলগীয়া যে, ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী গাওঁখন বাংলাদেশৰ কট্টৰ মৌলবাদী সংগঠনৰ একাংশ সদস্যই ভাৰত বিৰোধী কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ বাবে ছফট টাৰ্গেট কৰি লোৱা বুলিও এটি সূত্ৰই আশংকা ব্যক্ত কৰিছে। বাংলাদেশৰ গাতে লাগি থকা টাকিমাৰী গাঁওখনৰ পৰাই ইয়াৰ পূৰ্বেও অসম আৰক্ষীৰ এটি দলে আব্দুছ শুকুৰ আলী নামৰ এজন আনছাৰুল্লাহ বাংলা টীম(এবিটি)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us