ধুবুৰী বিধানসভা সমষ্টি

অসমৰ ধুবুৰী জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৮ নং ধুবুৰী বিধানসভা সমষ্টি। পলকতে নামনি অসমৰ এই সমষ্টিৰ এক চমু অৱলোকন

author-image
Asomiya Pratidin
New Update
dhurbriirir

ডিজিটেল সংবাদ, ধুবুৰীঃ বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা মুহূৰ্ততে নামনি অসমৰ ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টি বিশেষকৈ ৮ নং ধুবুৰী, ৭ নং গৌৰীপুৰ,৬ নং গোলকগণঞ্জ, ৯ নং বিৰসিং জৰুৱা আৰু ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে।

অসমৰ ধুবুৰী জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৮ নং ধুবুৰী বিধানসভা সমষ্টি। পলকতে নামনি অসমৰ এই সমষ্টিৰ এক চমু অৱলোকন।

ধুবুৰী বিধানসভা সমষ্টিঃ

২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজনৈতিক ৰেহৰূপ তথা জনগাঁথনি সলনি হৈ পৰিছে এই সমষ্টিটোৰ।

৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ ভৌগলিক পৰিসৰ:

ধুবুৰী সমষ্টিৰ পশ্চিমত পশ্চিমবংগ আৰু বাংলাদেশ, দক্ষিণ দিশত বাংলাদেশ আৰু মেঘালয়, পূৱ দিশত গোৱালপাৰা, বঙাইগাওঁ আৰু মেঘালয় আৰু উত্তৰত আছে কোকৰাঝাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ নৈ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ধুবুৰীত দেশী মুছলমান ভোটৰ বৃদ্ধি পায়। ২০২৬ৰ বিশেষ সংশোধনীৰ চূড়ান্ত খচৰা অনুসৰি ৮ নং ধুবুৰী বিধানসভা সমষ্টিত ২ লাখ ৩১ হেজাৰ ১৬১ জন। ধুবুৰী সমষ্টিটোত হিন্দু ভোট আছে ৫৩ হেজাৰ। দেশী মুছলিম ভোট আছে ১ লাখ ২ হেজাৰ। মিঞা মুছলিম ভোট আছে ৭৬ হেজাৰ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সমষ্টিটোত থকা গৌৰীপুৰ উন্নয়ন খণ্ডৰ নাম সলনি হৈ ধৰ্মশালা উন্নয়ন খণ্ড হয়। তদুপৰি সমষ্টিটোত আছে ১৮টা কৈ গাঁও পঞ্চায়ত। ইয়াৰে ধুবুৰী জিলাৰ ৭ নং গৌৰীপুৰ সমষ্টিৰ অধীনত থকা নালিয়া আৰু বেৰভাংগী গাওঁ পঞ্চায়ত দুটা এইবাৰ ৮ নং ধুবুৰী বিধানসভা সমষ্টিত অন্তৰ্ভূক্ত হৈছে। 

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ পৰা ১৮ হাজাৰ ভোটাৰ ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ইফালে, মাজেৰ চৰ আৰু পদ্মেৰ আলগা এই দুটা চৰৰ ২০ হাজাৰ ভোটাৰ সোমাইছে ৮ নং ধুবুৰী বিধানসভা সমষ্টিত। ধুবুৰী সমষ্টিত পূৰ্বতে থকা মধূশৌল মাৰী-টিয়ামাৰী গাঁৱৰ ১০ হাজাৰ ভোট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ধুবুৰী সমষ্টিৰ পৰা কৰ্তন কৰা হৈছে। ধুবুৰী সমষ্টিত পূৰ্বতে থকা কালাহাট, কাছাৰীহাট গাওঁ দুখনৰ হিন্দু ভোট থকা ৱাৰ্ড কেইটা ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে।

ধুবুৰীৰ ৰাজনৈতিক ইতিহাস:

ধুবুৰী এখন ইতিহাস প্ৰসিদ্ধ ঠাই। ধুবুৰী চহৰত থকা গুৰু দ্বাৰা, পাঁচপীৰ দৰগাহ,  হৰিসভা, কালীবাড়ী মন্দিৰকে ধৰি প্ৰাচীন কালৰ পৰা থকা বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান, ঐতিহাসিক কীৰ্তি-চিহ্নই চহৰখনক চিৰযুগমীয়া কৰি ৰাখিছে। বৃটিছৰ ৰাজত্বকালৰ সময়ৰ ১৮৭৬ চনৰ পৰা গোৱালপাৰা জিলাৰ মহকুমা সদৰ আছিল এই ধুবুৰী চহৰ। ১৯৮৩ চনৰ ১ জুলাইত ধুবুৰী এখন পৃথক জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।

১৮৮৩ চনত ধুবুৰী পৌৰসভা গঠন হৈছিল। ১৬ টা ৱাৰ্ডেৰে গঠিত ধুবুৰী পৌৰসভা খন বৰ্তমানে বিজেপি-অগপ দলৰ মিত্ৰ জোঁটৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু বিজেপি দলৰ জ্যেষ্ঠ নেতা ডা: দেৱময় সান্নাল ধুবুৰী পৌৰসভাৰ পৌৰপতি হিচাপে কাম কৰি আছে।

মুঠ ভোটাৰ- ২,৩১,১৬১
পুৰুষ ভোটাৰ- ১,১৮,৯৪৪
মহিলা ভোটাৰ- ১,১২,৪২৪

হিন্দু ভোটাৰ- ৫৩,০০০
দেশী মুছলিম ভোটাৰ- ১,০২০০০
মিঞা মুছলিম ভোটাৰ- ৭৬,১৬১

মন কৰিবলগীয়া যে, বৰ্তমানৰ ধুবুৰী বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুল হকে দুবাৰকৈ বিধানসভা নিৰ্বাচনত জয়ী হৈছে। ইতিহাস প্ৰসিদ্ধ ধুবুৰী সমষ্টিটোত এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ আগমনে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।

ধুবুৰী