অসমক অস্থিৰ কৰাৰ বাবে সীমান্তত সক্ৰিয় মৌলবাদী সংগঠন, প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল অস্থিৰ কৰাৰ বাবে সক্ৰিয় হৈ পৰিছে মৌলবাদী সংগঠন। অঞ্চলটোত ভাইৰেল হৈ পৰিছে কেইবাটাও বিস্ফোৰক ফোন টেপিং।

author-image
Asomiya Pratidin
New Update
hh

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল অস্থিৰ কৰাৰ বাবে সক্ৰিয় হৈ পৰিছে মৌলবাদী সংগঠন। অঞ্চলটোত ভাইৰেল হৈ পৰিছে কেইবাটাও বিস্ফোৰক ফোন টেপিং। ফোনৰ জৰিয়তে দেশ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে বাংলাদেশী মৌলবাদী সংগঠনে। বাংলাদেশী জামায়াতে ইছলামী নামৰ মৌলবাদী সংগঠনৰ পৰা অসমৰ বিভিন্ন লোকলৈ আহিছে ভাবুকি ভৰা ভইছ মেছেজ। 

Advertisment

আনকি মৌলবাদী সংগঠনৰ সদস্যক ধৰিলে গাঁও জ্বলাই দিয়া হ’ব বুলিও ভাবুকি প্ৰদান কৰিছে জামায়াতে ইছলামী সংগঠনে। সংগঠনটোৱে ভইজ মেছেজ প্ৰেৰণ কৰি কৈছে, 'আপুনি আৰু অ’চিয়ে মিলি আমাৰ মানুহবিলাকক ধৰি আছে। এতিয়াও সময় আছে, আমাৰ জামায়াতী ইছলামীৰ সদস্যক ধৰা বন্ধ কৰক। নহ’লে পৰিস্থিতি বেয়া হ’ব। আপোনাৰ ঘৰ-বাৰী সকলো জ্বলাই দিয়া হ’ব। আপোনালোকৰ দেশ ধ্বংস কৰি দিয়া হ’ব।’  

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংলাদেশৰ মৌলবাদী সংগঠনৰ পৰা এনেধৰণৰ ভাবুকি ভৰা মেছেজ অহাৰ পিছতে তীব্ৰ আতংকৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে সীমান্তবাসীয়ে। জানিব পৰা মতে, ধুবুৰী জিলাৰ গোলকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী বিহখোৱা গাঁৱৰ কেইবাজনো লোকৰ ম’বাইল ফোনত অডিঅ’ মেছেজযোগে বাংলাদেশৰ পৰা ভাবুকি প্ৰদান কৰা হৈছে। এই ঘটনাৰ পিছতে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত মৌলবাদী সংগঠনে ভাবুকি দিয়া ঘটনাৰ পিছতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

কইনাধৰাত সংবাদমেল সম্বোধন কৰি অত্যন্ত স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত চিকেন নেকৰ ওপৰত বাংলাদেশৰ চকু পৰিছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। বাংলাদেশৰ পৰা চিকেন নেকত বাস কৰা লোকসকলৰ ভাবধাৰা সলনি কৰাৰ ষড়যন্ত্র চলিছে বুলি উল্লেখ কৰি বাংলাদেশী মৌলবাদীয়ে উক্ত লোকসকলে যাতে বাংলাদেশৰ প্রতি আনুগত্য প্রকাশ কৰে, তাৰ বাবে কাম কৰি আছে বুলি কয়। আনকি চিকেন নেকত বাস কৰা লোকসকলক বাংলাদেশী বুলি চিনাকি দিবলৈকো উচটনি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

তেওঁ লগতে কয় যে, "চিকেন নেকৰ পৰিস্থিতি অতি ভয়াৱহ। কাৰণ ২২ কিঃ মিঃ এলেকাজুৰি যদি পৰ্যবেক্ষণ কৰা হয়, তাত যিবোৰ মানুহ আছে তেওঁলোক মূলতঃ বাংলাদেশৰ পৰা অহা। ১৯৭১ ৰ আগত বা ১৯৭১ ত অহা লোক। তেওঁলোক এতিয়া ভাৰতীয় নাগৰিক। কিন্তু বাংলাদেশৰ মানুহে তেওঁলোকক বাংলাদেশৰ মানুহ বুলি উচটনি দিবলৈ চেষ্টা কৰি আছে। এয়া আমাৰ দেশৰ বাবে গুৰুতৰ সমস্যা হিচাপে থিয় দিয়াই নহয় দেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।"

আনহাতে, "সংঘাত হ'লে বা যুদ্ধ হ'লেহে প্ৰকৃত ছবিখন পোহৰলৈ আহিব। দেশৰ নিৰাপত্তাৰ বাবে চিকেন নেক এটা অত্যন্ত চিন্তাৰ বিষয় বুলি উল্লেখ কৰি ভাৰত-বাংলাদেশৰ যুদ্ধ হ'লে চিকেন নেকৰ বাসিন্দাই কোন দেশৰ প্ৰতি আনুগত্য দেখুৱাব" বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রশ্ন উত্থাপন কৰিছে। 

ধুবুৰী