বালাজানত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু…

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত যোৱা নিশা প্ৰায় ১০ বজাত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হৈছে। মৃত যুৱকজন স্থানীয় বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমান বুলি চিনাক্ত।

author-image
Tushar Pratim
New Update
RAIL INCIDENT

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হৈছে। জানিব পৰা মতে যোৱা নিশা প্ৰায় ১০ বজাত পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা মালবাহী ৰে’লৰ খুন্দাত মধূশৌলমাৰী প্ৰথম খণ্ড অঞ্চলৰ বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমানৰ মৃত্যু হয়।

জানিব পৰা মতে পথাচাৰীয়ে ৰে’ল লাইনত মৃতদেহ  দেখি কৰি স্থানীয় বালাজান আৰক্ষী চকীত অৱগত কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে। 

নিশা যুৱক জন কিয় ৰে’লপথলৈ গৈছিল তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ৰেল দুৰ্ঘটনা