/asomiyapratidin/media/media_files/2025/02/13/XMUILjhItVtyvovRTmtA.png)
ডিজিটেল ডেস্কঃ অৱশেষত গা লৰিল বন বিভাগৰ। বিভাগটোত চৰম মইমতালিৰে লুন্ঠনৰাজ চলোৱা দুৰ্নীতি সম্ৰাট ধ্ৰুৱ দত্তক বন বিভাগে দিলে বাধ্যতামূলক অৱসৰ। বন বিষয়া ধ্ৰুৱ দত্তৰ দুৰ্নীতিৰ বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে তথ্য সহকাৰে কেবাখনো প্ৰতিবেদন প্ৰকাশ পাইছিল।
স্থানীয় লোকে এই বন বিষয়াজনৰ দুৰ্নীতিৰ সবিশেষ মুখ্যমন্ত্ৰী আৰু বন বিভাগৰ উচ্চ পদস্ত বিষয়াৰ হাততো অৰ্পন কৰিছিল। শেহতীয়াকৈ লখিমপুৰলৈ বদলি হৈ অহা বন বিষয়া দত্তই চোৰাং কাঠ বেপাৰীৰ সৈতে দৰদাম কৰা এক ভিডিঅ' আৰু বাৰ্তালাপ অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছিলহি।
কেনেদৰে তেওঁ চোৰাং কাঠ বেপাৰীক চোৰাং কাঠৰ ব্যৱসায় কৰিব লাগে সেই বিষয়ে পাঠ দিছিল এই ভিডিঅ'টোত। বনমন্ত্ৰীকো ধনৰ বলত জেপত ভৰাই থোৱা বুলি উচ্চ বাক্য কৰা এই বন বিষয়াজনে পিএনজিএছ আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা পথো ২০২৪ ৰ ২২ জুনত এক্সেভেটৰ লগাই খান্দি পেলাইছিল।
বিষয়াজনৰ বিৰুদ্ধে লখিমপুৰ থানাত আসাম ফৰেষ্ট ৰেগুলেচন এক্টৰ অধীনত গোচৰো ৰুজু হৈছিল। বালিকে ধৰি বনজ সম্পদ লুন্ঠন কৰা ৰেঞ্জাৰ দত্তই কুমাৰখালি সংৰক্ষিত বনাঞ্চল আৰু আমবাৰী শিগৰী শালসানাত ইটাভাটা স্থাপনৰ বাবেও বন বিভাগৰ মাটি দি উৎকোচ লোৱাৰো অভিযোগ আছে। বন বিভাগে এইজন বিষয়াৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰিলে আৰু অধিক তথ্য পোহৰলৈ আহিব। অসমীয়া প্ৰতিদিন ডিজিটেলত বন বিষয়াজনৰ দুৰ্নীতি সন্দৰ্ভত প্ৰকাশ কৰা দুখন প্ৰতিবেদনৰ শিৰোনাম আছিল- "নাম- ৰেঞ্জাৰ ধ্ৰুৱ দত্ত, কামত বীৰাপ্পানৰ ভক্ত..., কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী..."
https://www.asomiyapratidin.in/editorial-desk/special-writing/spcl-writing-about-dhurba-dutta-write-by-mridul-kumar-handique