অধ্যাপক ধ্ৰুৱজ্যোতি বৰাক ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ উপদেষ্টা আৰু অথৰ-ইন-ৰেচিডেন্স নিযুক্তি...

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (Srimanta Sankaradeva University of Health Sciences) প্ৰাক্তন উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ, প্ৰশাসক, আৰু বুদ্ধিজীৱী অধ্যাপক ধ্ৰুৱজ্যোতি বৰাই

author-image
Asomiya Pratidin
New Update
uujjdd

ডিজিটেল ডেস্কঃ  শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (Srimanta Sankaradeva University of Health Sciences) প্ৰাক্তন উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ, প্ৰশাসক, আৰু বুদ্ধিজীৱী অধ্যাপক ধ্ৰুৱজ্যোতি বৰাই আজি অসমৰয়েল গ্লবেল বিশ্ববিদ্যালয় (আৰজিইউ) ত আচাৰ্যৰ উপদেষ্টা আৰু আৱাসস্থলীৰ লেখক হিচাপে যোগদান কৰে

অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ,অধ্যাপক বৰাই সাহিত্য, সংস্কৃতি, জনজীৱন, শিক্ষাৰ ক্ষেত্রত বিশেষকৈ চিকিৎসা আৰু সংশ্লিষ্ট স্বাস্থ্যবিজ্ঞানৰ ক্ষেত্রত ব্যতিক্রমী অৱদান আগবঢ়াইছে৷ তেওঁৰ ৰচনাসমূহ কেইবাটাও ভাষালৈ বহুলভাৱে অনুবাদ কৰা হৈছে।

২০০৯ চনত তেওঁৰ প্ৰশংসিত উপন্যাস কথা ৰত্নাকৰৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছিলআৰজিইউত যোগদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি বিশ্ববিদ্যালয়খনৰ আচাৰ্য ড°.পানছাৰীয়ে কয় যে, “অধ্যাপক বৰাই আমাৰ বিশ্ববিদ্যালয়ৰ যাত্ৰাত জ্ঞান, সৃষ্টিশীলতা, আৰু সামাজিক দৃষ্টিভংগীক একত্ৰিত কৰা কৌশলগত পদক্ষেপ সমূহক পথ প্ৰদৰ্শন কৰিব

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি