প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ ...

দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো। দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৬ত তেওঁৰ ভৰ্তি কৰা হৈছিল হস্পাতালখনত। 

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো। দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৬ত তেওঁৰ ভৰ্তি কৰা হৈছিল হস্পাতালখনত। 

WhatsApp Image 2026-02-22 at 5.30.18 PM

অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬বছৰ। ২০১৯চনত গণৰাজ্য দিৱসত সাংবাদিকতা বটাঁ লাভ কৰিছিল তেওঁ। প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান  ঘটাত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ  বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। 

এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ,অসম চমুকৈ "বহুবাক"ৰ  প্ৰধান সম্পাদক দীপক শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে- "আমি এজন সঁচা অসমপ্ৰেমী, ভাৰতপ্ৰেমীক হেৰুৱালোঁ। তেওঁ এজন নিৰ্ভীক সাংবাদিক হোৱাৰ লগতে সুদক্ষ বক্তা আছিল।"  

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিয়োগত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মণ আৰু সম্পাদক অৰুণ কুমাৰ মহন্ত, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, অসম সত্ৰ মহাসভাৰ পষেকীয়া সংবাদপত্ৰ 'সত্ৰ বাৰ্তা'ৰ সম্পাদক কনক চন্দ্ৰ তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্‌ লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী কিশোৰ কুমাৰ জৈন, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম শিশু সাহিত্য সমাজৰ সভাপতি প্ৰদীপ নাৰায়ণ ভট্ট, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া, গণেশনগৰ সাহিত্য সভাৰ সম্পাদক নৱকান্ত মালাকাৰ, কইনাধৰা সাহিত্য সভাৰ সভাপতি ড০ অৰুণ শৰ্মা , চন্দ্ৰপুৰ সাহিত্য সভাৰ সভাপতি হিৰণ্য কুমাৰ ডেকা, পৰাগজ্যোতি প্ৰকাশন, টিহুৰ সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী মৃগেন্দ্ৰ ভাগৱতী, ছমৰীয়া সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী ছাহজাহান আলী,আজাৰাৰ বিশিষ্ট চিন্তাবিদ বাসুদেৱ মালী আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী