সহস্ৰ বন্তিৰে আলোকিত ধোপগুৰিৰৰ ৰজাদিনীয়া কেঁচাইখাইটি থান...

ডিমৰীয়াৰ ৰজাৰ অতি জাগ্ৰত এই কেঁচাইখাইটি বেদীত হেনো নৰবলি দিয়া হৈছিল। উল্লেখ্য এই বৃহৎ আকৃতিৰ শৈল বেদীখন অৰণ্যৰ মাজৰ পৰা ক্ষেত্ৰীৰ এটি টিলালৈ নিব বিচাৰিছিল ৰজা, প্ৰজাই।

author-image
Asomiya Pratidin
New Update
DIMORIYA 29

ডিজিটেল সংবাদ ডিমৰীয়াঃ কোনো ধৰণৰ বৈদিক মন্ত্ৰোচাৰণ নোহোৱাকৈ নীৰৱে দেবী দুৰ্গাৰ আৰধনা চলিল ধোপগুৰিৰৰ কেঁচাইখাইটি থানত। ঢৌমৰা পাহাৰৰ এটি নিজৰাৰ পাৰত অৱস্থিত অস্তদল পদ্ম খোদিত বৃহৎ শৈল বেদীত স্থানীয় অনেকজন ভক্ত প্ৰাণ ৰাইজে নিজস্ব ধৰণৰে আৰধনা কৰে দেবী কাত্যয়নীক।

উল্লেখ্য যে, মধ্য যুগত ডিমৰীয়াৰ ৰজাৰ অতি জাগ্ৰত এই কেঁচাইখাইটি বেদীত হেনো নৰবলি দিয়া হৈছিল। উল্লেখ্য এই বৃহৎ আকৃতিৰ শৈল বেদীখন অৰণ্যৰ মাজৰ পৰা ক্ষেত্ৰীৰ এটি টিলালৈ নিব বিচাৰিছিল ৰজা, প্ৰজাই।

কেইবাটাও হাতীয়ে লৰচৰ কৰিব নোৱাৰা বেদীখনৰ ওচৰৰ শিল, মাটি ধৰ্মীয় পৰম্পৰাৰে নি ক্ষেত্ৰীৰ উল্লেখিত টিলাটোত প্ৰতিষ্ঠা কৰা হয় আৰু কালক্ৰমত কামাখ্যা দেৱালয় হিচাপে জনপ্ৰিয়তা লাভ কৰে। শাৰদীয় দুৰ্গা পূজাৰ সময়ত ক্ষেত্ৰী কামাখ্যা দেৱালয়ত মহা প্ৰয়োভৰৰে পূজা অৰ্চনা হয় যদিও অৰণ্যৰ মাজত থকা থানখন অৱহেলিত অনাদৃত হৈ আছে।

শেহতীয়াকৈ বিগত দুই, তিনি বছৰে স্থানীয় ধৰ্মপ্ৰাণ যুৱক অতুল বৰদলৈৰ প্ৰচেষ্টাত শাৰদীয় সময়চোৱাত এই ঐতিহাসিক ৰজাদিনীয়া থানখন সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰি আলোকিত কৰি আহিছে।এইবেলিও ইয়াৰ ব্যতিত্ৰম হোৱা নাই ধোপগুৰিৰ ঢৌমৰা পাহাৰৰ এটা অংশ।

পাহাৰৰ বক্ষ ভেদি অহা নিজৰাৰ শিল বোৰ অগণন বন্তি প্ৰজ্বলন কৰি আলোকময় কৰি তোলা হয়। জাক, জমকতাৰ বিপৰিতে এনেধৰণে প্ৰাচীন ঐতিহ্যক মনত পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাত অতুল বৰদলৈ নামৰ যুৱক জনক সকলোৱে শলাগ লয়। 

ডিমৰীয়া