ধলাই সম-জিলা উদ্বোধন মন্ত্ৰী কৃষ্ণেন্দু পালৰঃ উপস্থিতি সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক নীহাৰ ৰঞ্জন দাস

ৰাজ্যৰ পাঁচখন সম জিলাৰ লগতে মঙ্গলবাৰে কাছাৰ জিলাৰ ধলাই সম জিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই সম-জিলাখন উদ্বোধন কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে।

author-image
Asomiya Pratidin
New Update
ধলাই সম-জিলা উদ্বোধন মন্ত্ৰী কৃষ্ণেন্দু পালৰঃ উপস্থিতি সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক নীহাৰ ৰঞ্জন দাস

ডিজিটেল সংবাদ শিলচৰ: ৰাজ্যৰ পাঁচখন সম জিলাৰ লগতে মঙ্গলবাৰে কাছাৰ জিলাৰ ধলাই সম জিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ৰাজ্যৰ মীন, দুগ্ধ আৰু পশু পালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কাছাৰৰ দ্বিতীয়খন সম জিলাৰ উদ্বোধন কৰে। 

Advertisment

শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য ধলাইৰ বিধায়ক নীহাৰ ৰঞ্জন দাস‌, কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱ দক্ষিণ অসমৰ ডিআইজি কংকণ জ্যোতি শইকীয়া, আৰক্ষী অধীক্ষক নোমাল  মাহাত্তো সম জিলাৰ আয়ুক্ত ৰক্তিম বৰুৱা‌সহ কাছাৰ বিজেপিৰ কাৰ্যকৰ্তা‌সকলৰ উপস্থিততিত সম জিলাখন উদ্বোধন কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে। 

উদ্বোধনৰ‌ পিচত মন্ত্ৰীগৰাকীয়ে সম জিলা আয়ুক্তৰ কাৰ্যলয় পৰিদৰ্শন কৰে।‌ ইফালে, ধলাইবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন বুলি মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে।‌ এতিয়াৰ পৰা ধলাইবাসীয়ে সাধাৰণ কামৰ বাবে শিলচৰৰ লৈস ঢাপলি মেলিক নালাগে। 

আজিৰ পৰা প্ৰশাসনিক, আবকাৰী, খাদ্য বিভাগ, জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানসহ কেইবাটাও বিভাগৰ কাম আৰম্ভ হ'ব সম জিলাৰ এই নতুন কাৰ্যলয়ত। ধলাইক সম জিলাৰ মৰ্যদা দি‌ সমষ্টিটোৰ উন্নয়ণৰ‌ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক   ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাকো উন্নয়ণৰ ক্ষেত্ৰত সমানে আগুৱাই নিছে।  তাৰবাবে মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনায় কৃষ্ণেন্দু পালে।‌ 

ধলাইক সম জিলাৰ মৰ্যদা দিয়া বাবে মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰে স্থানীয় বিধায়ক নীহাৰ ৰঞ্জন দাসেও। ইয়াৰ পূৰ্বে গাড়ীৰ পৰা নমাৰ পিচত কৃষ্ণেন্দু পাল, পৰিমল শুক্লবৈদ্য আৰু নীহাৰ ৰঞ্জন দাসকসহ অতিথিসকলক ফুল চতিয়াই বেণ্ড পাৰ্টিৰে আদৰি নিয়া হয়।  

সভাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে, ধামাইল, ডিমাচা, বিহু, ঝুমুৰ, মণিপুৰী নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰিবেশন কৰা হয়। মুকলি সভাত মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক নীহাৰ ৰঞ্জন দাস, জিলা আয়ুক্ত মৃদুল যাদৱ, জিলা বিজেপিৰ সভাপতি ৰূপম সাহা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।

সম জিলা ধলাই