এটা বহু প্ৰত্যাশিত পথকলৈ উৎফুল্লিত ঢকুৱাখনাবাসী

এটা বহু প্ৰত্যাশিত পথকলৈ উৎফুল্লিত ঢকুৱাখনাবাসী

ডিজিটেল সংবাদ,ঢকুৱাখনা:   ঢকুৱাখনা বাসীৰ সুদীর্ঘ ৭ দশক  কালজোৰা  জটিল সমস্যা এটাই  স্থায়ী সমাধানৰ দিশে ধাৱমান হৈছে।  ঢকুৱাখানা বাসীৰ আৰ্থ সামাজিক বিকাশত প্ৰভূত অৱদান জড়িত হৈ থকা সমস্যাটোৱে বিগত কেইবা দশক ধৰি জুলুকা জুলুকে  পানী খুৱাই আহিছিল সাধাৰন জনতাক।  মহকুমাটোৰ বিভিন্ন অৰাজনৈতিক, ৰাজনৈতিক আৰু সামাজিক সংগঠণে বিগত প্ৰায় দুটা দশক ধৰি  ৰাজ্য চৰকাৰ, জনপ্ৰতিনিধিক ঘূণাসুঁতি গড়কাপ্তানী পথটো অস্তিত্বহীন অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰি  ৰাজ্যিক পথলৈ উন্নীত কৰনৰ দাবী জনায় আহিছিল।

ৰাইজ, দল, সংগঠনৰ প্ৰতিখন  সভাই সমিতিয়ে উত্থাপিত হৈ অহা এই অতি জৰুৰী বিবেচিত পথ নিৰ্মান সন্দৰ্ভত জনাই অহা দাবী  আৰু দাখিল কৰি অহা স্মাৰক পত্ৰই অৱশেষত  দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হল ৰজাঘৰৰ।  গড়কাপ্তানী পথৰ নামত  মৰণ ফাণ্ড সদৃশ অৱস্থাৰ ৰূপ লোৱা এই জৰাজীৰ্ণ   ঢকুৱাখনা ঘূণাসুঁতি হৈ লখিমপুৰ সংযোগী গড়কাপ্তানী পথটোৰ স্থায়ী নিৰ্মাণৰ বাবে  অৱশেষত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই।

  ঢকুৱাখনাবাসীয়ে এই বিপদ সংকুল  পথৰে যাতায়ত কৰি  দশক দশক ধৰি ভোগ কৰি অহা জটিল সমস্যাৰ স্থায়ী সমাধানৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী ডঃ শৰ্মাই  বিশেষ তৎপৰতা প্রদর্শন কৰিছে। চলিত বাজেটত  ধার্য কৰিছে প্ৰায় ৯০০ কোটি টকা । মাত্ৰ ৩৫ কিলোমিটাৰ পথ  অতিক্ৰম কৰি যি পথেৰে লখিমপুৰ জিলা সদৰত উপস্থিত হব পাৰি তাৰ বিপৰীতে অতিৰিক্ত সময় আৰু ধন ভাঙি জিলা সদৰলৈ ঢকুৱাখনাবাসী যাত্ৰা কৰিব লগা হৈ আহিছে ৭৫ কিলোমিটাৰ দৈৰ্ঘৰ ঘিলামৰা গোগামুখ পথ অতিক্রমী।

  স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ভোগ কৰি অহা এনে দুৰ্ভোগ আৰু জ্বালা যন্ত্ৰণাৰ স্থায়ী উপশম হোৱাৰ দিশে গতি কৰাত ভুক্তভোগী ঢকুৱাখনা মহকুমাবাসী উৎফুল্লিত হৈ পৰিছে। শনিবাৰে  ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে এক বিবৃত্তি যোগে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে  এই পথ আৰু দলং নিৰ্মান হৈ উঠিলে ঢকুৱাখনা মহকুমাৰ আৰ্থ সামাজিক পৰিকাঠামো অধিক শক্তিশালী হ'

২০১৯ চনৰ ১ ডিচেম্বৰত  সন্মিলনে এই প্ৰধান দাবীৰে  এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক স্মাৰক পত্ৰ দাখিল কৰা বুলি জনায়।  সোৱণশিৰী কৈৱত্ৰ হাইস্কুলত উক্ত দিনা অনুষ্ঠিত ৰাজহুৱা প্ৰতিবাদী সভাই গ্ৰহণ কৰা প্ৰস্তাৱ তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালক দিয়াৰ পৰৱৰ্তী সময়ত নতুন মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথম বাজেট অধিবেশনতে  পথটো নিৰ্মাণৰ বাবে পুঁজি ধার্য কৰিছে। যাৰ বাবে  চলিত বৰ্ষৰ ১৬ জুলাই তাৰিখটো ঢকুৱাখনাবাসীৰ বাবে চিৰ স্মৰণীয় হৈ ৰব।

 এই সন্দৰ্ভত  সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে,  প্ৰাক্তন বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ,মন্ত্ৰী ডাঃ ৰনোজ পেগুকে ধৰি সকলো পক্ষকে সন্মিলনে কৃতজ্ঞতা জ্ঞাপন কৰে। ঢকুৱাখনা জিলা টাকাম মিচিং পৰিন কেবাং,ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা, জিলা কৰ্মচাৰী পৰিষদ, সন্মিলিত গনশক্তি অসম, জিলা পেঞ্চনাৰ সন্থা আদি দল,  সংগঠনেও নিজাববীয়াকৈ  বিভিন্ন সময়ত বিধায়ক,মন্ত্ৰী, সাংসদক জনাই অহা এই দাবী কাৰ্যকৰী হোৱাৰ দিশে গতি কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাই শীঘ্ৰে যাবতীয় কার্যব্যবস্থা গ্ৰহণৰ আহ্বান জনায়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in