প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই...

সাংবাদিকতাৰ ক্ষেত্ৰখনত জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয় হৈ আছিল তেওঁ। সদায়ে চিৰ তৰুণ হৈ থাকিবলৈ বিচৰা মানুহজনৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে।  দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো।

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (9)

ডিজিটেল ডেস্কঃ সাংবাদিকতাৰ ক্ষেত্ৰখনত জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয় হৈ আছিল তেওঁ। সদায়ে চিৰ তৰুণ হৈ থাকিবলৈ বিচৰা মানুহজনৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে।  দেওবাৰে পুৱাই আহিছিল সেই বেয়া খবৰটো। দিছপুৰস্থিত জি এন আৰ চিত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৬ত তেওঁৰ ভৰ্তি কৰা হৈছিল হস্পাতালখনত। 

অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬বছৰ। ২০১৯চনত গণৰাজ্য দিৱসত সাংবাদিকতা বটাঁ লাভ কৰিছিল তেওঁ।

কামৰূপ মহানগৰ  জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অসম জ্যেষ্ঠ  নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক, সন্মিলনৰ প্ৰাক্তন সভাপতিৰ দৰে দায়িত্বও পালন কৰিছিল তেওঁ। 

গুৱাহাটী