/asomiyapratidin/media/media_files/2026/02/22/chakrabarty-2026-02-22-22-00-30.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বিশিষ্ট সাংবাদিক, প্ৰখ্যাত বুদ্ধিজীৱী তথা কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী দেৱৰ বিয়োগত ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰে। এক চৰকাৰী শোকবাৰ্তাত মন্ত্ৰী হাজৰিকাই চক্ৰৱৰ্তী দেৱক অসমৰ সামাজিক-সাংস্কৃতিক আৰু সাংবাদিকতা জগতৰ এজন মহীৰূহ হিচাপে অভিহিত কৰে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে- কেইবাখনো মৰ্যাদাপূৰ্ণ বাতৰি কাকতৰ সম্পাদক হিচাপে চক্ৰৱৰ্তীদেৱে কেৱল জনমত গঠন কৰাই নহয়, ৰাজ্যখনত নৈতিক সাংবাদিকতাৰ এক উচ্চ মানদণ্ডও স্থাপন কৰি থৈ গৈছে।
লগতে মন্ত্ৰী পীযুষ হাজৰিকাই কয়- "ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী দেৱৰ বিয়োগ অসমৰ সাংবাদিকতা, বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। সমগ্ৰ জীৱন তেওঁ সমাজৰ প্ৰতি গভীৰ দায়িত্ববোধ আৰু নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। তেওঁ কৰ্ম আৰু জীৱন অনাগত প্ৰজন্মৰ সাংবাদিক আৰু সমাজকৰ্মীসকলৰ বাবে সদায় অনুপ্ৰেৰণা হৈ ৰ’ব।"
ইফালে, মন্ত্ৰী হাজৰিকাই শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু তেখেতৰ অসংখ্য গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us