পুখুৰীত গা ধুবলৈ গৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যুঃ দেওমৰনৈত শোকৰ ছাঁ...

দৰং জিলাৰ দেওমৰনৈ সেনাপতিপাৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ একেলগে প্ৰাণ হেৰুৱালে ধীৰাজ হাজৰিকা, কৃষ্টিমান হাজৰিকা নামৰ দুই পিতা-পুত্ৰই। 

author-image
Asomiya Pratidin
New Update
পুখুৰীত গা ধুবলৈ গৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যুঃ দেওমৰনৈত শোকৰ ছাঁ...

ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলাৰ দেওমৰনৈ সেনাপতিপাৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। 

জানিব পৰা মতে সেনাপতিপাৰাৰ বাসিন্তা ধীৰাজ চহৰীয়াই তেওঁৰ পাঁচবছৰীয়া সন্তান কৃষ্টিমান চহৰীয়াক পিঠিত লৈ দেওবাৰে গা ধুবলৈ নামিছিল পুখুৰীত। কিন্তু পুখুৰীত দুয়োৱে গা ধুই থকাৰ অৱস্থাতে দুয়ো ডুব যায় পানীত। 

এই ঘটনাত লগে লগে কণমানি পুত্ৰ সন্তানটিৰ মৃত্যু হোৱাৰ বিপৰীতে পিতৃ ধীৰাজ চহৰীয়াক অতি সংকটজনক অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে আৰু গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰে। হাস্পতালখনৰ আই চি ইউত ৰাখি তেওঁকৰ চিকিৎসা কৰোৱা হৈছিল যদিও অৱশেষত দেওবাৰে নিশাই তেওঁৰ আই চি ইউতে মৃত্যু হয়।  
এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ দেওমৰনৈ অঞ্চলতে শোকৰ ছাঁ পলাইছে। 

মঙলদৈ