/asomiyapratidin/media/media_files/2026/02/24/ksjdfsdjfsdfffff-2026-02-24-14-34-43.jpg)
নিউজ ডেস্কঃ অৱশেষত চূ়ড়ান্ত হ’ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা। কংগ্ৰেছৰ এক বিশেষ সূত্ৰই সদৰী কৰা মতে, অখিল গগৈয়ে বিচৰা ধৰণে মত-বিৰোধ থকা দুটা সমষ্টিৰ ক্ষেত্ৰত বুজা-পৰালৈ আহিছে দল দুটা। নাওবৈচা আৰু ধিং সমষ্টিক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত মিত্ৰতা সম্ভৱ হোৱা নাছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছে সমষ্টি দুটা মিত্ৰতাৰ স্বাৰ্থত ৰাইজৰ দলক এৰি দিবলৈ সাজু হৈছে।
অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা দুয়োটা দলৰ তৰফৰ পৰা কৰা হোৱা নাই। এতিয়াও এআইচিচিয়ে সমষ্টি ভাগবতৰা চূড়ান্ত তালিকা ছীল-মোহৰ মৰা নাই। অসম জাতীয় পৰিষদৰ সৈতে মৰিগাঁও আৰু ধেমাজি সমষ্টিক লৈ অনুৰূপ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
কংগ্ৰেছৰ সূত্ৰটোৱে সদৰী কৰা মতে, ধেমাজি সমষ্টি কংগ্ৰেছৰ হাতত ৰাখি মৰিগাঁও সমষ্টি অসম জাতীয় পৰিষদক এৰি দিবলৈ কংগ্ৰেছে ৰণনীতি প্ৰস্তুত কৰিছে। মৰিগাঁও সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বাণী দাসে। ধেমাজি সমষ্টিটো অসম জাতীয় পৰিষদৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী আছে।
প্ৰাক্তন ছাত্ৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে ২০২১ৰ নিৰ্বাচনত উক্ত সমষ্টিৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নিৰ্বাচনত বসুমতাৰীয়ে ৫৬,৮৮৯টা ভোট লাভেৰে দ্বিতীয় স্থানত আছিল। সমষ্টিটোত ৮৭,৬৮১টা ভোট লাভেৰে জয়ী হৈছিল বিজেপি প্ৰাৰ্থী ৰণোজ পেগু।
মৰিগাঁও সমষ্টিত ২০২১ৰ বিধানসভা নিৰ্বাচনত বাণী দাসে ৪৫,১২৫টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৮১,৬৫৭টা ভোট লাভ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us