ধিঙত আৰম্ভ উচ্ছেদ অভিযান, দা-কোৰ লৈ উচ্ছেদ চলোৱাক লৈ অসন্তুষ্ট স্থানীয় ৰাইজ

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাওঁ, কটহগুৰি, ৰৌমাৰী বিল, গেৰেকনি, মৈৰাধ্বজ, মাগুৰমাৰী বিলত উচ্ছেদ অভিযান আৰম্ভ হয়।

author-image
Asomiya Pratidin
New Update
bggsugswgusw

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাওঁ, কটহগুৰি, ৰৌমাৰী বিল, গেৰেকনি, মৈৰাধ্বজ, মাগুৰমাৰী বিলত উচ্ছেদ অভিযান আৰম্ভ হয়। বটদ্ৰৱা আৰু ধিং মৌজাৰ অন্তৰ্গত এই বিলত বছৰ বছৰ ধৰি একাংশ দুস্কৃতিকাৰীয়ে ভেটা দি মাছ পালন কৰি আহিছিল। দুস্কৃতিকাৰীয়ে বিলৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড আলি দি পুখুৰী খন্দাৰ পৰিপেক্ষিতত বিলখন বৈ যোৱাত বাধাৰ সৃষ্টি হৈছিল।

আনহাতে, এই বিলসমূহ বেদখলমুক্ত কৰিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন স্থানীয় দল সংগঠনে দাবী তুলি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যত চলি থকা বেদখলকৃত ভূমি উদ্ধাৰ অভিযানৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ হয়।

Capturefsedfdfff

ইতিমধ্যে যোৱা জুলাইত ধিং ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা সময়সীমা বান্ধি দি উচ্চেদৰ জাননী জাৰি কৰা হৈছিল। আজি পুৱাই উচ্ছেদৰ বাবে শ শ জোৱানসহ নগাঁও জিলা প্ৰশাসনৰ সাজু হৈ শ্ৰমিকৰ জৰিয়তে দা, কোৰ আদি লৈ উচ্ছেদ অভিযান আৰম্ভ কৰে। 

ইফালে বুলড'জাৰ, জেচিবি লৈ উচ্ছেদ কৰাৰ পৰিবৰ্তে শ্ৰমিকৰ দ্বাৰা দা, কোৰ লৈ উচ্ছেদ কৰাৰ লৈ অসন্তুষ্ট হৈ পৰে স্থানীয় ৰাইজ। পৰবৰ্তী সময়ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ বুধবা ফগলেন(foglan)ৰ দ্বাৰা উচ্ছেদ চলাই সকলো পুখুৰীৰ পাৰ ভাঙি দিয়া হব বুলি প্ৰকাশ কৰাৰ লগতে "আমাৰ এই অভিযান চলি থাকিব। পুখুৰী সমূহৰ পাৰ ভাঙি আমি বিল সমূহ বোৱাই নিয়া ব্যৱস্থা কৰিম। আৰু যি সকল ব্যক্তিয়ে পথৰ দাঁতিৰ চৰকাৰী ভূমিত পুখুৰী খান্দি মাছ পালন কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আনিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে। 

Capturehghgjhjhj

উল্লেখ্য যে, উচ্ছেদ অভিযানৰ আজি প্ৰথমটো দিনত আহোম গাঁও, চালনাবড়ী, টুকটুকী অঞ্চলৰ ৬৫ বিঘা জলাশয় বেদখল মুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰে। পৰবৰ্তী কালত ভেৰভেৰী বিল, কটহগুৰি, ৰৌমাৰী বিল, গেৰেকনি, মৈৰাধ্বজ, মাগুৰমাৰী বিলত সৰ্বমুঠ ২৩০ বিঘা জলাশয় মুকলি কৰা হব বুলি জানিবলৈ দিয়ে। আজি উচ্চেদ অভিযানত নগাঁও জিলা আয়ুক্তৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত সৌভিক ভূঞা, সুদীপ নাথ, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসকে আদি কৰি বিষয় কৰ্মচাৰীসকল উপস্থিত থাকে।

ইফালে, একাংশ দালাল চক্ৰৰ জৰিয়তে দুস্কৃতিকাৰীয়ে এই ভূমি দখল কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। দালাল চক্ৰটোৱে ধনৰ বিনিময়ত বিল ভেটি মাছ পুহিবলৈ দিছিল। এতিয়া উচ্ছেদৰ পাছত এই দালাল চক্ৰটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়।

উচ্ছেদ উচ্ছেদ অভিযান