/asomiyapratidin/media/media_files/2025/12/20/1-2025-12-20-15-23-53.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁৱৰ ধিঙত আজিও অব্যাহত আছে উচ্ছেদ অভিযান। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি পঞ্চম দিনাও চলিছে উচ্ছেদ। পঞ্চম দিনা ধিঙৰ মাগুৰমাৰীত প্ৰশাসনে চলাই আছে উচ্ছেদ।
/asomiyapratidin/media/post_attachments/99b20d9a-813.png)
চৰকাৰী ভূমিত অবৈধ পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে একাংশ লোকে।উল্লেখ্য যে, প্ৰশাসনে ১৬ ডিচেম্বৰৰ পৰা আৰাম্ভ কৰিছিল উচ্ছেদ। উচ্ছেদস্থলীত স্থানীয় সমাজকৰ্মী ৰাইহান উদ্দীন চৌধুৰীৰ উপস্থিত হৈ পৰিদৰ্শন কৰে। সম্পূৰ্ণ উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসনক আহ্বান জনাই নেতা গৰাকীয়ে। জানিব পৰা মতে, ধিঙৰ সাত খন গাৱঁত ৫৬৫ টা অবৈধ পুখুৰীত চলাব এই উচ্ছেদ।
/asomiyapratidin/media/post_attachments/42d2268c-8aa.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us