ধিং মহাবিদ্যালয়ৰ ৬১ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ

৬১ সংখ্যক মহাবিদ্যালয় সপ্তাহত শনিবাৰে বিয়লি একাংকিকা নাট প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
63

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৬১ সংখ্যক মহাবিদ্যালয় সপ্তাহত শনিবাৰে বিয়লি একাংকিকা নাট প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি অধ্যক্ষ ড০ বিমান হাজৰিকাই "নাটক এক সুন্দৰ সৃজনীমূলক কলা।

নাটকে দৃশ্য আৰু শ্ৰব্য কাব্যৰ সংমিশ্ৰণত ৰঙ্গমঞ্চৰ সহযোগত গতিশীল মানৱজীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে" বুলি প্ৰকাশ কৰে। তত্বাৱধায়ক অধ্যাপক মুছলেহুৰ ইছলামে আঁত ধৰা অনুষ্ঠানটিত একাংকিকা নাট প্ৰতিযোগিতাৰ বিচাৰক নাট্যকৰ্মী প্ৰদীপ কলিতা আৰু দিব্যজ্যোতি বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

লগে লগে মঞ্চত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ধৰ ঝাড়ু ধৰ ভাই আৰু বদ হজম নামৰ দুখনি নাটক পৰিবেশন কৰা হয়। ফণীধৰ শইকীয়া, অংকুৰমনি দেৱী, অস্মিতা বৰা, কংকন নাথ, নিকু মনি নাথ, নৱজোতি নাথ, ৰিচম হক, আকিব হাজৰিকাই অভিনয় কৰা বধ হজম নাটক খনিয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে আৰু মেনকা চৰিত্ৰত কৰা অভিনয়ৰ বাবে অস্মিতা বৰাই শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হয়।

একেদৰে ধৰ ঝাড়ু ধৰ ভাই নাটকত কৰা মদন চৰিত্ৰৰ অভিনয়ৰ বাবে মানস জ্যোতি দাসে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে অনুষ্ঠিত একক অভিনয় প্ৰতিযোগিতাত কৃষ্মৃতা কলিতা (Karishmita kalita)ই প্ৰথম, দোস্তিমা বৰা(Dustima Bora)ই দ্বিতীয় আৰু অস্মিতা বৰাই তৃতীয় স্থান লাভ কৰে। ইফালে পুৱাৰ ভাগত কেশ সজ্জা প্ৰতিযোগিতা আৰু ছাত্ৰী শিক্ষয়িত্ৰীসকলৰ চকী খেল অনুষ্ঠিত হয়।  

উল্লেখযোগ্য যে, মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি তথা ৯ ফেব্ৰুৱাৰীৰ দিনা পুৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগতে বিয়লি মিতালী দে আৰু অতনু ভট্টাচাৰ্য দ্বাৰা পৰিবেশিত গল্প আৰু সংগীতৰ যুগলবন্দী মনোজ্ঞ অনুষ্ঠান 
"গল্পকথা"ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।

ধিং মহাবিদ্যালয়