ধিং মহাবিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহ সমাৰোহ

গাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৬১ সংখ্যক মহাবিদ্যালয় সপ্তাহত বৃহস্পতিবাৰে আকৰ্ষণীয় কুইজ, বক্তৃতা, গল্প, কবিতা আদি প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
DHINGCLG

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৬১ সংখ্যক মহাবিদ্যালয় সপ্তাহত বৃহস্পতিবাৰে আকৰ্ষণীয় কুইজ, বক্তৃতা, গল্প, কবিতা, চিত্ৰাংকন ভেশচন, বৰগীত, লোকগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সঙ্গীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভূপেন হাজৰিকাৰ গীত, জুবিন গাৰ্গৰ গীত, বিহুগীত, জিকিৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

দুপৰীয়া মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই। উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্ত, তৰ্ক বিভাগৰ তত্বাৱধায়ক অধ্যাপক ডম্বৰুধৰ কাকতি, ড০ ৰাজেশ ঘোষ, তৰ্ক বিভাগৰ সম্পাদক মুজাহিদুল আলম, ছাত্ৰ একতা সভাৰ সভাপতি ৰৌফা কবিৰ ছানিয়া, সাংস্কৃতিক বিভাগৰ সহকাৰী সম্পাদক ফাটেমা খাতুনকে আদি কৰি কেইবাগৰাকী উপস্থিত থকা প্ৰতিযোগিতাৰ সামৰণিত অধ্যক্ষ ড০ বিমান হাজৰিকাই "স্মৃতিশক্তি, সাধাৰণ জ্ঞান আৰু বুদ্ধিমত্তা পৰীক্ষা কৰাৰ এক অন্যতম ফলপ্ৰসূ মানসিক খেল কুইজৰ প্ৰয়োজনীয়তাৰ মূল দিশসমূহ বিশ্লেষণ কৰি ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ আৰু শিকন, মনোযোগ বৃদ্ধি আৰু প্ৰেৰণাৰ উপৰিও কুইজে কৌতূহল আৰু মনোযোগ বৃদ্ধি কৰে বুলি প্ৰকাশ কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। 

নৱপ্ৰজন্মৰ মানসিক বিকাশ আৰু জ্ঞান অন্বেষণৰ বাবে দীৰ্ঘদিন ধৰি কুইজৰ মাজেৰে চলোৱা চেষ্টাক ভূয়সী প্ৰশংসা কৰে বৰুৱাই। ইফালে, কাৰ্যসূচী অনুসৰি কালি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ বিমান হাজৰিকাই, শ্বহীদ তৰ্পণ কৰে অধ্যাপক ড° নন্দন কুমাৰ বৰঠাকুৰে। 

তাৰপাছত সপ্তাহ সমাৰোহ উদ্বোধন আৰু অলিম্পিক শিখা প্রজ্জ্বলন পাছত গুৰু আৰু লঘু ক্রীড়া বিভাগৰ দ্বাৰা ল'ৰা-ছোৱালী উভয়ৰে-জেভলিন, শ্ব'টপুত, ডিচকাছ দলিওৱা, হাই জাম্প, লংজাম্প কেৰম, টেব'ল টেনিছ, কার্ড মেকিং আৰু অৰিগেমী প্রতিযোগিতা অনুষ্ঠিত হয়। 

দুপৰীয়া উপাধ্যক্ষ ড° স্নিগ্ধা মহন্তই উদ্ধোধন কৰা মঞ্চত আধুনিক (একক আৰু দলীয়), জনগোষ্ঠীয়, বিহু আৰু সত্ৰীয়া নৃত্য অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি তথা ৯ ফেব্ৰুৱাৰীৰ দিনা পুৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগতে বিয়লি গল্প মিতালী দে আৰু অতনু ভট্টাচাৰ্য দ্বাৰা পৰিবেশিত গল্প আৰু সংগীতৰ যুগলবন্দী মনোজ্ঞ অনুষ্ঠান "গল্পকথা" অনুষ্ঠিত হ’ব।

নগাঁও ধিং