/asomiyapratidin/media/media_files/2026/01/22/fefefdsdasda-2026-01-22-22-53-16.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উচ্চ শিক্ষা বিস্তাৰৰ মহান লক্ষ্যৰে ১৯৬৫ চনৰ পহিলা আগষ্টত প্ৰতিষ্ঠা হোৱা ধেমাজি মহাবিদ্যালয়ে গৌৰৱোজ্বল ৬০টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে অহা ২৪ আৰু ২৫ জানুৱাৰীত দুদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান জাকজমকতাৰে উদযাপন কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।
এই উপলক্ষে বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত উল্লেখ কৰা অনুসৰি, এসময়ত বানবিধ্বস্ত অঞ্চল হিচাপে পৰিচিত আৰু পৰৱৰ্তী সময়ত জিলা হিচাপে ঘোষণা হোৱা ধেমাজিত মাত্ৰ ১২জন শিক্ষানুৰাগী শিক্ষক-কৰ্মচাৰীৰ নেৰানেপেৰা প্ৰচেষ্টাত ধেমাজি মহাবিদ্যালয়ৰ যাত্ৰা আৰম্ভ হৈছিল। সেই অবিৰত সাধনাৰ ফলতেই আজি হীৰক জয়ন্তীৰ দৰে গৌৰৱময় উৎসৱ পালন কৰিবলৈ সক্ষম হোৱাটো ধেমাজিবাসীৰ বাবে গৌৰৱ আৰু সৌভাগ্যৰ বিষয় বুলি উদ্যোক্তাসকলে উল্লেখ কৰে। দুয়ো দিনৰ কাৰ্যসূচীত সকলোকে উপস্থিত থাকি অনুষ্ঠান সফল কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-image-2-2026-01-22-22-53-36.jpeg)
মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ড° দীপক কুমাৰ নেওগে সংবাদমেল সম্বোধন কৰি কয় যে, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডাঃ ৰনোজ পেগুৰ নেতৃত্বত গঠন হোৱা উদযাপন সমিতিৰ লগতে মঞ্চ-মণ্ডপ, সাংস্কৃতিক, খাদ্য, স্মৃতিগ্ৰন্থ, সম্বৰ্ধনা, বিত্তীয়, পতাকা উত্তোলন আদি উপ-সমিতিসমূহে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। তেওঁ হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে সবিশেষ অৱগত কৰে।
সংবাদমেলত সহযোগী অধ্যাপক তথা উদযাপন সমিতিৰ সম্পাদক ড° উপেন কোঁচ, ধেমাজি মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি কৃষ্ণ বৰদলৈ, সাধাৰণ সম্পাদক দীপক শৰ্মা, শিক্ষক গোটৰ সভাপতি ক্ষীৰোদ গগৈ, সহযোগী অধ্যাপক অতুল দাস, ছাত্ৰ একতা সভাৰ সভাপতি প্ৰীতম পাতিৰ আৰু সম্পাদক দুলাল চুতীয়াসহ অন্যান্যসকল উপস্থিত থাকে।
ইফালে, কাৰ্যসূচী অনুসৰি ২৪ জানুৱাৰীত পুৱা ৮.৩০ বজাত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মূল পতাকা আৰু অধ্যক্ষ ড° দীপক কুমাৰ নেওগে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব। লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৬০খন পতাকা উত্তোলন কৰা হ’ব। পুৱা ৯.৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত শিক্ষক-কৰ্মচাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। পুৱা ১০ বজাত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব।
বিয়লি ২ বজাত সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ পিছতেই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়াই ৬০গছ বন্তি প্ৰজ্বলন কৰিব আৰু বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোঁহাইয়ে সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব।
২৫ জানুৱাৰীত পুৱা ৭ বজাত সামূহিক চাফাই অভিযানৰ সৈতে শেষ দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। পুৱা ৯ বজাত ধেমাজি জিলা পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী বিষয়া নবীন চন্দ্ৰ কামানে প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা উন্মোচন কৰিব। পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া “ধেমাজি কলেজ কনক্লেভ ২০২৫” অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, বিশিষ্ট লেখক-শিক্ষাবিদ হৃষীকেশ গোস্বামী, উৎকৰ্ষতাৰ বটাঁ প্ৰাপক উমানন্দ দুৱৰা, আই আই টি গুৱাহাটী ড° ৰঞ্জন তামুলী আৰু বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ গায়ত্ৰী গগৈ। সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াৰ সৈতে অনুষ্ঠানৰ সামৰণি পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us