/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2025-2025-11-18-15-01-38.jpeg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক জন্মদিন ৷ ৰহস্যজনকভাৱে অকাল মৃত্যুক সাৱটি লোৱা "ঈশ্বৰ পুত্ৰ" হিচাপে অভিহিত শিল্পীজনৰ অনুপস্থিতিত অসমৰ চুকে-কোণে গুঞ্জৰিত হৈছে কেৱল "জয় জুবিনদা আৰু জাষ্টিচ্ ফৰ জুবিনদা" ধ্বনি ৷ প্ৰকৃতিক বুকুৰ মাজত লৈ ফুৰা জুবিন গাৰ্গে ৰাজহুৱাকৈ কৈছিল - নাহৰ য’ত থাকিব ময়ো তাতে থাকিম ৷
উল্লেখ্য যে শিল্পীগৰাকীৰ সেই আশা বাস্তৱায়িত কৰাৰ লগতে তেখেতৰ স্মৃতি আৰু অতুল্য কৰ্মৰাজি জনমানসত জিলিকাই ৰখাৰ উদ্দেশ্যেৰে আজি ধেমাজিৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “বনৰীয়া”ই ঢকুৱাখনা সমজিলাৰ মহকুমা পুথিভঁৰাল চৌহদত ৫৩ টা নাহৰ পুলি ৰোপণ কৰে ৷ জনতাৰ শিল্পী গৰাকীৰ ৫৩ সংখ্যক জন্ম দিৱসৰ সৈতে ৰজিতা খুৱাই "বনৰীয়া"ই গ্ৰহণ কৰে এই পদক্ষেপ ।
আনযফালে, ধেমাজিৰ পৰা এই মহান লক্ষ্যৰে ঢকুৱাখনাত পুৱাতেই উপস্থিত হোৱা "বনৰীয়া"ৰ আত্মোৎস্বৰ্গী প্ৰকৃতি প্ৰেমী সকলে গছপুলি ৰোপণৰ প্ৰাক মুহূৰ্তত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ বন্তি জ্বলাই সশ্ৰদ্ধ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই "ঈশ্বৰ পুত্ৰ"ৰ মৃত্যুৰ ন্যায় প্ৰাপ্তি কামনা কৰে ৷
তাৰোপৰি ধেমাজিৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা “বনৰীয়া”ই ধেমাজি সদৰ চাৰিআলিৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়ৰ পথছোৱাৰ উপৰি চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ চৌহদ আৰু চমৰাজানতো ধাৰাবাহিক ভাবে গছপুলি ৰোপণ কৰি ,প্ৰতিপালন কৰি জুবিন গাৰ্গৰ কাম্য এখন চিৰ সেউজ ধেমাজি গঢ় দিয়াৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখি আহিছে ৷ শেহতীয়া ভাবে ঢকুৱাখনা সমজিলালৈকো সম্প্ৰসাৰিত হৈছে এই অনুকৰণীয় আৰু প্ৰেৰণাদায়ক পদক্ষেপ । "বনৰীয়া"ই বৰেণ্য জনতাৰ শিল্পী গৰাকীক ঢকুৱাখনাবাসীৰ মানস পটত জীয়াই ৰখাৰ অভিপ্ৰায়েৰে ৰোপণ কৰা এই নাহৰ পুলি সমুহ সংৰক্ষণ কৰাৰ লগতে জীয়াই তোলাৰ ক্ষেত্ৰত জুবিন প্ৰেমী ৰাইজৰ মনোযোগ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us