/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-17-02-32.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ প্ৰাদেশীকৃত টিউটৰ সকলক শিক্ষক পদলৈ উন্নীত কৰা , উপযুক্ত বেতনেৰে নিয়মিত দৰমহা ব্যৱস্থা নিশ্চিত কৰা, অৱসৰপ্ৰাপ্ত বা মৃত্যুবৰণ কৰা টিউটৰসকলক ১০ লাখ টকাৰ একালীন এক্স- গ্ৰেচিয়া প্ৰদান কৰা , শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ পিছত অ-প্ৰশিক্ষিত টিউটৰসকলৰ বাবে সেৱা কালীন প্ৰশিক্ষণৰ সুবিধা নিশ্চিত কৰাকে ধৰি পেঞ্চন, বীমা আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আঁচনি সমূহ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/877de8b5-5cd.png)
ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম প্ৰাদেশীকৃত শিক্ষক সন্থাৰ পাঁচ শতাধিক শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷
/asomiyapratidin/media/post_attachments/e1b13281-77b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us