/asomiyapratidin/media/media_files/2025/12/10/gdfgfdfd-2025-12-10-23-08-21.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ঐতিহাসিক ১৯৮৩ চনৰ ৰক্তাক্ত অসম আন্দোলনত প্রাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ আৰু শ্রদ্ধাঞ্জলি অর্পণৰ উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে ধেমাজি কাছাৰী ময়দানত শ্বহীদ দিৱস উদযাপন কৰে ৷
ধেমাজি জিলাৰ ১৮ গৰাকী বীৰ শ্বহীদ চিচিবৰগাঁওৰ সৰুকন হাজৰিকা, ধেমাজিৰ ৩ নং ৱাৰ্ডৰ সুৰেন বৰুৱা, চিলাপথাৰৰ ক্ৰমে জুৰমন টাৱে, কুলবাহাদুৰ ছেত্ৰী, ধনঞ্জয় লেটুম, ভগীৰথ পেগু, পদ্ম বাহাদুৰ ছেত্ৰী, গেলুৱাৰ মফিজুৰ ৰহমান, বৰদলনিৰ ভুধৰ হাজৰিকা, ত্ৰৈলোক্য গগৈ, লোহিত গোঁহাই, ফনিধৰ গোহাঁই, অকন গগৈ, দেবেন গগৈ, ভদ্ৰেশ্বৰ গগৈ, জামুগুৰি পাঁচআলিৰ কমল বৰা, আপত্তি দাসে ঐতিহাসিক ১৯৮৩ চনৰ ৰক্তাক্ত অসম আন্দোলনত জড়িতহৈ দেশৰ বাবে প্ৰাণ আহুতি দিছিল ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-23-09-22.jpeg)
শ্বহীদ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদৰ আত্ম বলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ অনুষ্ঠানত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ, ধেমাজি জিলা পৰিষদৰ সভাপতি ভুপেন চুতীয়া, সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক খগেন হাজৰিকা, ধেমাজি জিলা সমিতিৰ সভাপতি মোহন দত্ত, সম্পাদক ৰবিন তালুকদাৰ, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, ধেমাজি জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপৰেখা দাসবাঘ্ৰী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷
এই অনু্ষ্ঠানত ধেমাজিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীত পৰিবেশন কৰে ৷ জিলাৰ শীৰ্ষস্থানীয় বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us