পৰীক্ষা কেন্দ্ৰত বহী নিৰীক্ষকক প্ৰহাৰৰ প্ৰতিবাদ...

ধেমাজি জিলাৰ অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী বহী নিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷

author-image
Asomiya Pratidin
New Update
DHMJIII

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী বহী নিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ গুণ্ডাৰূপী এদল যুৱকৰ অতপালিৰ বিৰুদ্ধে সোমবাৰে ধেমাজি চিটি কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ 

বহী নিৰীক্ষক হিচাপে নিজৰ দায়িত্ব সম্পাদন কৰা ধেমাজিৰ চিটি কলেজৰ সহকাৰী অধ্যাপক মনমোহন গগৈক আক্ৰমণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ শতাধিক কৰ্মীয়ে ধেমাজি নগৰৰ ৰাজপথ উত্তাল কৰি জুমুঠি দাহ কৰে৷ 

আনহাতে, এই দুৰ্ভাগ্যজনক ঘটনাৰ প্ৰতিবাদত ধেমাজি চিটি কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷ দোষীক গ্ৰেপ্তাৰৰ দাবীত অসম কলেজ শিক্ষক সন্থাই মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ জানিব পৰা মতে, আৰক্ষীয়ে ৬ জন ব্যক্তিক আটক কৰিছে ৷ 

ধেমাজি আৰক্ষীয়ে আটক কৰা লোক কেইজনৰ নাম হৈছে  থমাছ পেগু (২৭), টিংকু পেগু(৪০), খীৰোজ কুলি(৩৫) , সূৰ্য্য দাস(৫০) , কানেং টায়ে(৪০) আৰু হেমন্ত পেগু (২০)। উল্লেখ্য যে, শনিবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অসমীয়া বিষয়ত নকলক লৈ অকাজান জনজাতি উঃ মাঃ বিদ্যালয়ত এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল৷

সেই নিৰ্বিচাৰ আৰু আক্ৰোশমূলক আক্ৰমণত গুৰুতৰভাৱে আহত বহী নিৰীক্ষক মনমোহন গগৈ বৰ্তমানে ডিব্ৰুগড়ৰ অসম চিকিৎস্যা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা উপৰিও কেইবাজনো দায়িত্বত থকা আৰক্ষী কনিষ্ঠ বল বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল৷ জানিব পৰা মতে, ঘটনাৰ সৈতে জড়িত প্ৰকৃত অপৰাধীসকলক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ 

ধেমাজি