/asomiyapratidin/media/media_files/2026/01/13/daaadad-2026-01-13-23-38-56.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: শিক্ষা সেতুৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰা তথা বিদ্যালয়সমূহৰ প্ৰশাসনিক কামকাজ সমূহত স্বচ্ছতা আৰু কাৰ্যকৰীতা অনাৰ উদ্দেশ্যে সমগ্ৰ অসমৰ প্ৰতিখন বিদ্যালয় তথা মণ্ডল সমন্বয়কসকলক ৰাজ্য চৰকাৰে সময়ে সময়ে টেবলেট ,পি.চি. যোগান ধৰা কাৰ্যসূচী হাতত লৈ আহিছে ।
তেনে এক মহৎ উদ্দেশ্য আগত ৰাখি মঙলবাৰে সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ ধেমাজি বালিকা জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাখনৰ তিনিওটা শিক্ষা খণ্ড ক্ৰমে ধেমাজি, বৰদলনি আৰু মূৰ্কংচেলেকৰ ১৫৪ টা মণ্ডলৰ মণ্ডল সমন্বয়কসকলক আনুষ্ঠানিক ভাৱে টেবলেট আৰু পি.চি. বিতৰণ কৰে ।
ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী তথা স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু উপস্থিত থাকি শিক্ষা সেতুৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাটোকে আমূল পৰিবৰ্তন তথা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি জানিবলৈ দিয়াৰ লগতে কিছু বিদ্যালয়ে প্ৰদান কৰা ভুল তথ্যৰ পৰিৱৰ্তে শিক্ষা সেতুত শুদ্ধ তথ্য উপলব্ধ হোৱাত , ইয়াৰ জৰিয়তে অসম চৰকাৰ কেইবাশ কোটি টকাৰ ৰাহি হোৱা বুলি উল্লেখ কৰে ।
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে শিক্ষক -শিক্ষয়িত্ৰী সকলক শিক্ষা সেতুত একমাত্ৰ উপস্থিতি দিয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ প্ৰতি দায়িত্বশীলতাৰে বিদ্যাৰ্থী সমাজ আগুৱাই নিবলৈ আহ্বান জনায়। ডাঃ পেগুৱে শিক্ষক- শিক্ষয়িত্ৰীসকলে শিক্ষা বিভাগে বিচৰাধৰণে শিক্ষা পৰ্টেলত নিজৰ তথ্যসমূহ অৰ্থাৎ বিষয় ভিত্তিত শিক্ষাগত অৰ্হতাসমূহ সঠিক ৰূপত উপস্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰি আন্তৰিকতাৰে চৰকাৰ প্ৰতিটো কামত সহযোগ আগবঢ়াবলৈও আহ্বান ৰাখে ।
উল্লেখিত অনুষ্ঠানত বিশেষভাবে উপস্থিত থকা লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে ম মন্ত্ৰী মহোদয়ে বিভিন্ন মণ্ডলৰ মণ্ডল সমন্বয়কসকলৰ হাতত আনুষ্ঠানিক ভাবে একোটিকৈ টেবলেট ,পি.চি. বিতৰণ কৰে । ইয়াৰ লগতে সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ নিৰ্দেশ মৰ্মে খণ্ড সমল ব্যক্তি মুকুল সুত আৰু মণ্ডল সমন্বয়ক মুক্তা শইকীয়াই ছাত্ৰ- ছাত্ৰীসকলৰ শিকন ঘাটি তথা ফলাফল সম্পৰ্কত "A Holistic Survey on the Soci-Economics and Educational Conditions in Goroimari and Baduluka Village" শীৰ্ষক গৱেষণা পত্ৰখন জিলা শিক্ষা বিষয়া কবিতা ডেকা আৰু খণ্ড সমল ব্যক্তি মুকুল সূতে আনুষ্ঠানিক ভাবে শিক্ষা মন্ত্ৰীৰ হাতত অৰ্পণ কৰে ।
খণ্ড সমল ব্যক্তি মুকুল সূতে আঁত ধৰা জনাকীৰ্ণ অনুষ্ঠানত ধেমাজি আৰু মুৰ্কংচেলেক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ক্ৰমে বনমালী পেগু, দীপালী দলে , জিলা আঁচনি বিষয়া অৱনী নাথ, খণ্ড সমল ব্যক্তি কনক গগৈৰ লগতে সদৌ অসম অধিবিদ্যা পৰিষদৰ অধ্যক্ষ খগেন পেগু, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চক্ৰমনি বুঢ়াগোহাঁইৰ উপৰিও সমগ্ৰ শিক্ষাৰ বিষয়াসকল উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us