/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-14-32-46.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি নগৰৰ ২ নং ৱাৰ্ডস্থিত ধেমাজি টাইবেল ৰেষ্ট হাউচত অনু মিচিং কিটছেন নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি। এই ৰেষ্টুৰেণ্টখনৰ ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ ধেমাজিৰ শিক্ষিত নিবনুৱা যুৱক ৰোহিত নৰহে মুকলি কৰা ৰেষ্টুৰেণ্টখনত মিচিং জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যৰ লগতে অসমীয়া সুস্বাদু ব্যঞ্জন উপলব্ধ থকাৰ কথা অৱগত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-2025-12-03-14-31-02.jpeg)
উল্লেখ্য যে, ৰেষ্টুৰেণ্টখনত খোৱাৰ লগতে থকাৰ ব্যৱস্থাও উপলব্ধ আছে। ইপিনে উদ্ধোধনী অনুষ্ঠানত ধেমাজি টাইবেল সংঘৰ সভাপতি দেৱ কছাৰী , ধেমাজি আই টি ডি পিৰ সভাপতি জীৱন চন্দ্ৰ পায়েং ,গণশক্তি দলৰ মাধৱ দলে ,টিএম পিকেৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি টুনীৰাম পাংগিং ,মিচিং সাহিত্য সভাৰ সচিব প্ৰধান সোনেশ্বৰ কপ্তাক , ধেমাজি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কুহিমা কাৰ্দ্দঙকে প্ৰমুখ্যে কৰিবহু কেইগৰাকী লোক উপস্থিত থাকে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-14-31-25.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us