/asomiyapratidin/media/media_files/2026/02/26/htrtyrg-2026-02-26-22-59-18.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে একাধিক দাবীৰে ধেমাজি কাছাৰী ময়দানৰ সমীপত ঐক্যমঞ্চৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়া ১২ বজাৰ পৰা বিয়লি অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, ধেমাজি লোক নিৰ্মাণ বিভাগ (পথ)ৰ অধীনত পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে। এই সন্দৰ্ভত উচিত তদন্ত কৰি দোষী ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে উন্নতমানৰ পথ নিৰ্মাণ নিশ্চিত কৰাৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ উপৰিও ধেমাজি জিলাৰ সকলো চৰকাৰী, বে-চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয়, কাছাৰী, দোকান-পোহৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ নাম ফলক শুদ্ধ অসমীয়া ভাষাত লিখা বাধ্যতামূলক কৰাৰ দাবী জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-22-59-38.jpeg)
আনহাতে, ৰে'ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে মুকংচেলেক-জোনাইৰ পৰা গুৱাহাটীলৈ দিনৰ ভাগত ৰে'ল সেৱা আৰম্ভ কৰাৰ লগতে হাৰমতি অথবা লখিমপুৰ ৰে'ল ষ্টেচনৰ পৰা ডিব্ৰুগড়লৈ পুৱা ৮:৩০ বজাত আৰু ডিব্ৰুগড়ৰ পৰা ধেমাজি-লখিমপুৰ অভিমুখে বিয়লি ৫ বজাত নতুন সাধাৰণ যাত্ৰীবাহী ৰে'ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে স্হলীত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াৰ পৰিচালনাত অনুষ্ঠিত সভাত ঐক্যমঞ্চৰ মুখ্য উপদেষ্টা হৰিশ পেগু, কাৰ্যকৰী সভাপতি ৰতন কছাৰী, সম্পাদক দুৰ্গা বড়া আৰু লখিমপুৰৰ সমাজসেৱক শশী খাউণ্ডে বক্তব্য ৰাখে। বক্তাসকলে ধেমাজি আৰু লখিমপুৰ জিলাৰ উল্লিখিত সমস্যাসমূহ শীঘ্ৰ সমাধানৰ দাবী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us