ন কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক লৈ ধেমাজিত তীব্ৰ প্ৰতিবাদ...

ধেমাজি আটাছু ধেমাজি জিলা সমিতি  আৰু অসমীয়া যুৱ মঞ্চ ধেমাজি জিলা সমিতিয়ে সোমবাৰে বিয়লি  সুকীয়া- সুকীয়াকৈ দুয়োটা সংগঠনে ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ কৰে৷

author-image
Asomiya Pratidin
New Update
ujjdjdd

ডিজিটেল সংবাদ , ধেমাজিঃ  ধেমাজি আটাছু ধেমাজি জিলা সমিতি  আৰু অসমীয়া যুৱ মঞ্চ ধেমাজি জিলা সমিতিয়ে সোমবাৰে বিয়লি  সুকীয়া- সুকীয়াকৈ দুয়োটা সংগঠনে  ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ কৰে৷

উল্লেখ্য যে অবৈধ বাংলাদেশীৰ ৰক্ষক প্ৰাক্তন আমছুৰ নেতা ৰেজাউল কৰিম চৰকাৰে সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে আটাছুৱে  ধেমাজি চাৰি আলিত  তীব্ৰ প্ৰতিবাদ জনাই ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি আটাছুৰ কৰ্মী সকলে বাংলাদেশী ৰক্ষক ৰেজাউল কৰিম হুছিয়াৰ, কংগ্ৰেছ দলৰপৰা ৰেজাউলক শীৰ্ঘে বহিস্কাৰ কৰক আদি শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে৷ প্ৰতিবাদ স্হলীত সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয়  সমিতিৰ উপ- সভাপতি মনোজ গগৈয়ে সম্প্ৰদায়িক মন্তব্য কৰা ৰেজাউল কৰিম চৰকাৰক মৰিয়াই পিঠি ফালি দিবলৈ ঘৰে ঘৰে ভলুকা বাহঁৰ এছাৰি সাজু কৰি ৰখা বুলিও মন্তব্য কৰে৷

একেদৰে ধেমাজি থানা তিনি আলিতো অসমীয়া যুৱ মঞ্চ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদকাৰী সকলে সাম্প্ৰদায়িক মন্তব্য কৰা   ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে শ্লো'গান দি ৰাষ্ট্ৰীয় ঘাইপথত শ্লো'গান দি  ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰে৷

কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ