মৰিলেও মৰি যাম, জনজাতিকৰণ লৈহে যামঃ ধেমাজিত চুতীয়া যুৱ সন্মিলনৰ গৰ্জন...

চুতীয়া সকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত বুধবাৰে সন্ধিয়া ৬ বজাত ধেমাজি নগৰত  চুতীয়া যুৱ সন্মিলন অসম , ধেমাজি জিলা সমিতিৰ উদ্যোগত সাত সহস্ৰাধিক চুতীয়া ৰাইজে জোঁৰ সমদল কৰে ৷

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, ধেমাজিঃ চুতীয়া সকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত বুধবাৰে সন্ধিয়া ৬ বজাত ধেমাজি নগৰত  চুতীয়া যুৱ সন্মিলন অসম , ধেমাজি জিলা সমিতিৰ উদ্যোগত সাত সহস্ৰাধিক চুতীয়া ৰাইজে জোঁৰ সমদল কৰে ৷ মৰিলেও মৰি যাম জনজাতিকৰণ লৈয়ে যাম , বিজেপি চৰকাৰ কাম নাই ,এচ টি ন' ৰেষ্ট , আমাক শীঘ্ৰেই জনজাতিকৰণ  কৰিব লাগিবই ,  জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ , উই ওৱান্ট এচ টি , চুতীয়া যুৱ সন্মিলন, অসম জিন্দাবাদ  ইত্যাদি শ্লো'গানেৰে ধেমাজি আন্তঃজিলা বাছ আস্হানৰ পৰা সাত সহস্ৰাধিক ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰে ধেমাজি নগৰৰ চাৰি আলিলৈকে জোঁৰ সমদল কৰে ৷

সমদলৰ পূৰ্বে ধেমাজিআন্তঃজিলা বাছ আস্হানতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত চুতীয়া যুৱ সন্মিলন অসম , কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই বক্তব্যত অহা ২০২৬ চনৰ আগত যদি চুতীয়া সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে  বিজেপি চৰকাৰক চুতীয়া জাতি ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজোঁ বুলি হুংকাৰ দিয়াৰ লগতে তেওঁ প্ৰসংগত কয় যে আমি চুতীয়া জাতিটোৱে কোনোবা দলক  চল্লিশ বা পঞ্চাশ হেজাৰ দি জিকা নোৱাৰিব পাৰোঁ কিন্ত আমি বিশ হেজাৰ ভোট কাটি  হলেও কোনো দলক আমি নিশ্চিতভাবে  হৰুৱাব পাৰিম বুলিও বুলি দাবী কৰে ৷

ইফালে চুতীয়া যুৱ সন্মিলন অসম , কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মোহন চন্দ্ৰ চুতীয়াই  বক্তব্য কয় যে চৰকাৰৰ প্ৰতাৰণা আৰু কোনো সহ্য কৰা ন'হব ৷ ২৫ নৱেম্বৰেই  সময় সীমা শেষ হওক ৷ ইয়াৰ  পিছত আৰু  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজিপি চৰকাৰখনক কোনো দিনেও সহ্য কৰা ন'হব ৷ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু বুলিও দাবী  কৰে ৷ একে দৰে চুতীয়া যুৱ সন্মিলন অসম , কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ হাজৰিকাই উদাত্ত কন্ঠে বক্তব্যত কয় যে বিজেপি চৰকাৰে আজি একে লেঠাৰিয়ে দুবাৰকৈ চৰকাৰ  হৈ থকা পিছতো আজি পৰ্যন্ত চুতীয়া সকলক জনজাতিকৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই ৷

ছয় জনগোষ্ঠীয়ে বাৰম্বাৰ দাবী জনাই আহিছে যদিও এইখন বিজেপি চৰকাৰে  কোনো কেৰেপেই কৰা নাই ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহোতে চুতীয়া জনগোষ্ঠীক  এশ দিনৰ ভিতৰত জনজাতিকৰণ কৰা কথা দিও সেইটো ফুটুকাফেনত পৰিণত হ'ল । এইবাৰ যদি শীঘ্ৰেই পদক্ষেপ গ্ৰহন নকৰে তেন্তে ইয়াৰ  উচিত প্ৰত্যুত্ত দিবলৈ আমি প্ৰস্তুত আছোঁ বুলিও তেওঁ বক্তব্যত দাবী কৰে ৷

ধেমাজি জিলা চুতীয়া যুৱ সন্মিলন সমিতিৰ সভাপতি ত্ৰিদিপ দাস আৰু সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি মনোজ গগৈ য়ে ও উপস্থিত থাকি  ছয় জনগোষ্ঠীক জনজাতিকৰণ নিদিয়াক লৈ  বিজেপি  চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী জনাই বক্তব্য ৰাখে ৷ সভাৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰি  মায়াবিনী গীতেৰেই জোঁৰ সমদলৰ কাৰ্য্যসূচী আৰম্ভণি  কৰে ৷

ধেমাজি