চিচিবৰগাঁৱত শোকৰ ছাঁ! বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চুতীয়াৰ দেহাৱসান...

ধেমাজি জিলা চিচি মৌজাৰ টকৌবাৰী গাঁৱৰ নিবাসী তথা চিচিবৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সদৌ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ,  ধেমাজিঃ ধেমাজি জিলা চিচি মৌজাৰ টকৌবাৰী গাঁৱৰ নিবাসী তথা চিচিবৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সদৌ চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ধেমাজি মহকুমা পৰিষদৰ মুখ্য কাউঞ্চিলৰ, গাইনদী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰদীপ চুতীয়া (৮৫)বয়সত শুক্ৰবাৰে পুৱাই মৃত্যু হোৱা  খৱৰে সমগ্ৰ অঞ্চলটোতেই গভীৰ  শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য  যে বুধবাৰে হঠাতে হৃদৰোগ জনিত কাৰণত অসুস্থ হৈ পৰাত পৰিয়ালে  ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুদিন ধৰি  চিকিৎসাধীন  অৱস্থাতে থকা প্ৰদীপ চুতীয়া
শুক্ৰবাৰে পুৱা ৪ বজাতেই  অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

ছাত্ৰ অৱস্থাৰ পৰাই সমাজ সেৱা আৰু  ৰাজনীতিত জড়িত হৈ পৰা প্ৰয়াত চুতীয়াই ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা ৰাষ্ট্ৰীয় লোক দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ডিব্ৰুগড়ৰ পৰা  চুতীয়াৰ নশ্বৰদেহ বাসগৃহ পোৱাৰ পিছত আত্মীয়-স্বজন, দল-সংগঠনৰ নেতা, তথা অঞ্চলৰ ৰাইজ সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজ্যিক সদস্য কৃষ্ণ ভূঞা, চিচিবৰগাঁও সাহিত্য সভা আৰু চিচিবৰগাঁও উন্নয়ন সমিতিৰ হৈ মৃদু পৱন চুতীয়া, জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ হৈ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু ধেমাজি জিলা সমিতিৰ উপদেষ্টা বিষ্ণু শৰ্মা, চুতীয়া জাতি সন্মিলনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰিজু বৰুৱা, চুতীয়া মহিলা সন্মিলনৰ সাধাৰণ সম্পাদিকা অৰ্পনা চুতীয়া, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু চুতীয়া, বেতনিপাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়া আদি অনেকজনে ফুলাম গামোচা, পুষ্পাঞ্জলিৰে  সমাজকৰ্মীজনাক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা লগতে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ হৈ সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য গিৰীন চুতীয়াই জাতি সন্মিলনৰ পতকাৰে প্ৰয়াত চুতীয়াৰ নশ্বৰদেহ ঢাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰদীপ চুতীয়াৰ মৃত্যুত বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ লগতে জোনাই জিলা সমিতি আৰু সংগঠনটোৰ  ভাতৃ-ভগ্নী সংগঠন, সদৌ চুতীয়া জনগোষ্ঠীয় বৌদ্ধিক সমাজ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি, চিচিবৰগাঁও শাখা সাহিত্য সভা, চিচিবৰগাঁও উন্নয়ন সমিতি, জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত পত্নীসহ তিনি পুত্ৰ, দুই জী, দুই ভাতৃ, নাতি-নাতিনী আৰু অনেকজন আত্মীয়- স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

ধেমাজি