/asomiyapratidin/media/media_files/2025/09/01/dhemaji-01-2025-09-01-18-50-24.jpg)
ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যৰ ১১ খন পলিটেকনিকত কৰ্মৰত তিনি শতাধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ২০ মাহে লাভ কৰা নাই মাহিলী দৰমহা। ফলত এই কৰ্মচাৰীসকলে প্ৰাপ্য আদায়ৰ দাবীৰে আজিৰে পৰা অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি ঘোষণা কৰিছে।
মাথো ১০ হাজাৰ টকাৰ নিৰ্ধাৰিত দৰমহাৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে মাহৰ পিছত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। ফলশ্ৰুতিত পৰিয়াল চলোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে।
এনে পৰিস্থিতিত প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে আগন্তুক সময়তো যদি তেওঁলোকৰ দৰমহাৰ সমস্যা সমাধান নহয় তেন্তে পলিটেকনিকৰ নামত আত্মত্যাগেই শ্ৰেষ্ঠ হ'ব বুলিও দুখ প্ৰকাশ কৰে।
ধেমাজি পলিটেকনিকৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলেও আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে। তেওঁলোকৰ প্ৰতিবাদত প্ৰতিষ্ঠানখনত যথেষ্ট সমস্যাৰো সৃষ্টি হৈছে।