/asomiyapratidin/media/media_files/2025/10/03/cxcxhtyuytuyuyyuiuiu-2025-10-03-23-46-11.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সদৰ আৰক্ষী থানাৰ উপ- আৰক্ষী অধীক্ষক অনিল মৰাঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে এক অভিযান চলাই শুক্ৰবাৰে সন্ধিয়া তুলশীবাৰীৰ পথৰ ২ নং ভৰালীচুকৰ সুৰোজ নগৰত পথেৰে ড্ৰাগছ লৈ গৈ থকা অৱস্থাতে ২ জন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ আটক কৰা ড্ৰাগছব্যৱসায়ী ২ জন জান পাৰিক ( ৪০) আৰু অসীম গগৈ (২৯ )বুলি চিনাক্ত কৰা হৈছে। লগতে আৰক্ষীয়ে দুয়োজনৰ হাতৰ পৰা ১৯০ গ্ৰাম ব্ৰাউনচুগাৰ, পাঁচটা কন্টেনাৰ, এটা বেগ আৰু এটা মবাইল জব্দ কৰে ৷
আৰক্ষী উপ- পৰিদৰ্শক তথা তদন্তকাৰী বিষয়া ধৈৰ্য্য বৰপাত্ৰগোহাঁইয়ে ইতিমধ্যে আটক হোৱা দুয়োজনকে লগত লৈ ক'ৰ পৰা কেনেকৈ ড্ৰাগছ সৰবৰাহ কৰিছে, ইত্যাদি দিশত সবিশেষ তদন্ত অবাহত ৰাখিছে ৷ জানিব পৰা মতে, জান পাৰিক নামৰ ড্ৰাগছ ব্যৱসায়ীজনে ইয়াৰ আগতেও বহুবাৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ হৈ জেল হাজোলৈ গৈছে ৷
এই গভাইত ড্ৰাগছ ব্যৱসায়ী জান পাৰিকক বাৰম্বাৰ হাতে-লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছতো আকৌ কেনেকৈ পুনৰ ব্যৱসায় কৰিবলৈ সুবিধা গ্ৰহণ কৰিছে, তাকে লৈ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। আন এক তথ্য মতে, ধেমাজি নগৰৰ তুলশীবাৰী এলেকাকে ধৰি নগৰখনৰ আওহতীয়া ঠাই সমূহত এইদৰে মুকলিকৈ ড্ৰাগছ ব্যৱসায়ীয়ে টিঘিলঘিলাই ঘূৰি ফুৰা কাৰ্য্যই অঞ্চলবাসী ৰাইজক শংকিত কৰি তুলিছে ।