ধেমাজিত আন্তর্জাতিক মাতৃভাষা দিৱস উদযাপন

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 10.jpg

ডিজিটেল  সংবাদ,ধেমাজিঃ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আন্তর্জাতিক মাতৃভাষা দিৱস উপলক্ষে ধেমাজি কাছাৰী ময়দানত শোভাযাত্ৰাৰ উদ্বোধন কৰা হয়। শোভাযাত্ৰাৰ উদ্বোধন কৰি ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই মন্তব্য প্ৰকাশ কৰে যে- আমাৰ মাতৃভাষা অসমীয়াই উৎপত্তি কালৰ পৰা সময়ৰ সংঘাত পূর্ণ সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি, ধ্ৰুপদী ভাষাৰ সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিলে। অসমীয়া ভাষাই ধ্রুপদী স্বীকৃতি লাভ কৰিলেও ভাষাটোৰ প্রতি থকা আমাৰ দায়িত্ব আৰু কর্তব্য শেষ হৈ নাযায়,বৰঞ্চ বৃদ্ধিহে পালে। আমি ভাষিক গোষ্ঠীটোৱে সর্বদায় ভাষাৰ প্রতি থকা নিজৰ  দায়বদ্ধতা স্বীকাৰ কৰি ভাষাৰ স্বকীয়তা ৰক্ষা কৰিবলৈ কৰণীয়খিনি স্বর্তহীন আৰু নিঃস্বার্থভাবে নিষ্ঠাৰে কৰি যাব লাগিব। 

WhatsApp Image 2026-02-21 at 7.33.08 PM (1)

উল্লেখ্য যে- অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী স্বীকৃতিৰ প্রতি সম্মান জনাই,অসম চৰকাৰেও অসমবাসীৰ গ্রন্থপ্রেম জাগ্রত কৰিবলৈ ২০২৫ বর্ষটো "গ্রন্থ বর্ষ" হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰি কার্যকৰীকৰণ কৰাৰ কথা উল্লেখ কৰে । ভাষনত তেওঁ কয় যে, মানুহে ভাষা সাধাৰণতে কথিত আৰু লিখিত দুয়োটা ৰূপতে ব্যৱহাৰ কৰে। ভাষাৰ স্বকীয়তা অটুত ৰাখিবলৈ দুয়োটা ৰূপতে শুদ্ধ প্রয়োগ আৰু শুদ্ধ ব্যৱহাৰ অপৰিহাৰ্য্য। কথিত ভাষাত কিছুমান উচ্চাৰণগত পার্থক্য থাকিলেও লিখিত ৰূপত শুদ্ধই হয়, সেয়া মাথো সূক্ষ্ম পাৰ্থক্য উচ্চাৰণৰহে। কিন্তু ভুলকৈ লিখিলে পঢ়োতে শুধৰোৱাৰ উপায় নাথাকে। গতিকে ভাষাৰ বিপৰ্যয় তেতিয়াই হ'বলৈ লয়, যেতিয়া ভাষাৰ লিখিত ৰূপটোৰ ভুল ব্যৱহাৰ কৰা হয়। আকৌ কথিত ৰূপটো তেতিয়াই বিপর্যয়ৰ গৰাহত পৰে,যেতিয়া কথা কওঁতে বা সভাই সমিতিয়ে বক্তব্য ৰাখোঁতে অসমীয়াৰ মাজত হিন্দী,ইংৰাজী,বঙলা আদি বিভিন্ন বিদেশী ভাষাৰ শব্দ ব্যৱহাৰ কৰি, নিজৰ জ্ঞান অভিজ্ঞতাব প্রমাণ দিবলৈ যোৱা যায়। 

বিভিন্ন কাৰকৰ লগতে আধুনিক বিজ্ঞানৰ ন-ন-আবিস্কাৰ,তথ্য-প্ৰযুক্তিৰ উন্নয়ন,বিশ্বায়নৰ ব্যাপক প্রভাৱ,কাৰিকৰী শিক্ষা,বৃৰ্ত্তিমূলক শিক্ষা,উচ্চ শিক্ষাৰ মাধ্যম ইংৰাজী হোৱাৰ বাবে আৰু আমাৰে এচামৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত ইংৰাজী ভাষাৰ অগণিত শব্দই অসমীয়া ভাষাৰ দুৱাৰডলিত ইমানেই ভিৰ কৰিছেহি যে,ভালকৈ দুৱাৰ খিৰিকীৰ ব্যৱস্থা নকৰিলে এইবোৰ এনেকৈ হিল দল ভাঙি প্রবেশ কৰিব যে, ইহঁতৰ উপদ্রপত এদিন হয়তু, অসমীয়া ভাষাই লালিত্য মাধুৰ্য্য হেৰুৱাই বাৰেবঙলুৱা এটা বিজতৰীয়া ভাষালৈ পর্যবসিত হ'ব। সেইবাবে নিজৰ ইচ্ছানুসবি যধে মধে য'তে ত'তে বিধি বহির্ভূতভারে একেটা শব্দ,বাক্যতে একাধিক ভাষাৰ শব্দ ব্যৱহাৰ কৰিলে ভাষাই স্বকীয়তা হেৰুৱাত অৰিহণাহে যোগোব। 

আজিৰ সজাগতা সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া,ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা,ধেমাজি শাখা সাহিত্য সভাৰ সভাপতি কৰবী দেউৰী,ধেমাজি জিলা মহিলা সমিতিৰ সভাপতি নিৰমা বৰুৱাই অসচেতনতা আৰু দায়িত্বহীনতাৰে বাবে পুৰুষানুক্ৰমে কৰি অহা ভাষাৰ অশুদ্ধ ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ,লিখিত ৰূপটো শুদ্ধ কৰিবই লাগিব বুলি কয় । 

WhatsApp Image 2026-02-21 at 7.33.07 PM

সাধাৰণতে দেখা পোৱা যায় অসমৰ সৰ্বত্ৰে চৰকাৰী,বে-চৰকাৰী কার্যালয়,কাছাৰী,দোকান-পোহাৰ,ব্যৱসায়-প্রতিষ্ঠান,অনুষ্ঠান আদিত ব্যৱহাৰ কৰি থকা নাম-ফলকসমূহৰ প্রায় সৰহ সংখ্যকেই অসমীয়া ভাষাক প্রধান্য দি লিখা হোৱা নাই। সেইসমূহ হয় ইংৰাজী বা হিন্দীত লিখিছে,নহয় লিপ্যন্তৰ পদ্ধতিত ভাষাৰ অশুদ্ধ প্রয়োগ কৰিছে আৰু বহুততে আখৰ যোঁটনি অশুদ্ধকৈ লিখিছে। পৰিতাপৰ বিষয় যে অসমত অসমীয়া ভাষা চৰকাৰী ভাষা হোৱাৰ স্বত্বেও,চৰকাৰৰ অৱহেলা আৰু আওকণীয়া মনোভাৱৰ বাবেই কার্যালয়,কাছাৰী আদিত আজিকোপতি এশ শতাংশ অসমীয়া ভাষা ব্যৱহাৰ নকৰাত ভাষাৰ অশুদ্ধিৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰি বিশেষত ব্যৱসায়-প্রতিষ্ঠান,অনুষ্ঠান আদিৰ পঞ্জীয়নৰ কাম-কাজ ইংৰাজী ভাষাত চলি থকাৰ বাবেই,নাম-ফলকসমূহতো ইংৰাজী ভাষাই প্রভুত্ব বিস্তাৰ কৰিছে। যিয়ে ভাষাটোক বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে আৰু অসমীয়া ভাষাই স্বকীয়তা হেৰুৱাত প্ৰভূত অৰিহণা যোগাইছে বুলি উল্লেখ কৰে । 

আজিৰ সভাত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিত চিৰিং,উপসভাপতি ঊষা বৰগোহাঁই,বিশিষ্ট নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী কৃষ্ণ বাঞ্চাল,ধেমাজি জিলা গ্ৰাহক সুৰক্ষা সমিতিৰসমি সভাপতি  কৃপেশ বৈদ্য,ধীৰেন দিহিঙীয়া, কুঞ্জলতা বড়া, বিশিষ্ট নাগৰিক দিপেন দত্ত,ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নন্দেশ্বৰ বৰগোহাঁই,সমাজকৰ্মী লক্ষীনাৰায়ন বুঢ়াগোঁহাই, অৱসৰপ্ৰাপ্ত শিক্ষক পুৰ্নানন্দ  তামুলী, শিক্ষয়িত্ৰী ৰেনুমাই সন্দিকৈ, শিক্ষয়িত্ৰী ক্ষীৰদা চুতীয়া ,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীনা সন্দিকৈ আদি বহুকেগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ধেমাজি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা সমন্বয়ক প্রফুল্ল হাজৰিকাই অনুষ্ঠানৰ আঁত ধৰে ৷ ইপিনে সজাগতা সভাৰ অন্তত অসমত মাতৃভাষা অসমীয়া চৰকাৰী ভাষা হোৱাৰ সত্ত্বেও ৰাজ্যখনৰ প্রায় সকলো ঠাইতে কার্যালয়,অফিচ কাছাৰীৰ কাম-কাজসমূহ আজিকোপতি সম্পূর্ণ অসমীয়া ভাষাত লিখি ব্যবহাৰ নকৰি ভাষাটোক অৱহেলা কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰা,গুৱাহাটীত অৱস্থিত বে-চৰকাৰী সংস্থা,অনুষ্ঠান সমূহৰ পঞ্জীয়নৰ কার্যালয়,জিলা সমূহত অৱস্থিত উপ-পঞ্জীয়কৰ কার্যালয়,উদ্যোগ-বাণিজ্য বিভাগৰ পঞ্জীয়ণৰ কাৰ্যালয় আদি সমূহৰ পঞ্জীয়ণৰ কাম-কাজ সম্পূর্ণ অসমীয়া ভাষাত নকৰাৰ বাবে অনুষ্ঠান-প্রতিষ্ঠান সমূহৰ নাম ফলক সমূহ প্রায় সমূহেই ইংৰাজী ভাষাত লিখি ব্যৱহাৰ কৰাত মাতৃভাষা অসমীয়াৰ মর্যাদা হানি হৈছে আৰু ভাষাটোৱে বিকৃত ৰূপ পৰিগ্রহ কৰা কাৰ্যক সুৰক্ষা দিয়া ধেমাজি জিলাখনৰ লগতে সমগ্র অসমৰ দোকান-পোহাৰ,ব্যৱসায়িক প্রতিষ্ঠান,অনুষ্ঠান,চৰকাৰী,বে-চৰকাৰী কার্যালয় আদি নাম-ফলক সমূহত শুদ্ধ অসমীয়া ভাষা লিখি ব্যৱহাৰ নকৰাত ভাষাটোৰ স্বৰূপ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰা,কিছুমান চৰকাৰী প্ৰচাৰ পত্র,গুৱাহাটীৰ দুই এক চৰকাৰী চিটিবাছ সেৱা,কিছু কিছু স্মৃতি সৌধ আদিত ভাষা বিশেষজ্ঞৰ দ্বাৰা শুদ্ধতা পৰীক্ষা নকৰোৱাকৈ ব্যৱহাৰ কৰাৰ বাবে অসমীয়া ভাষাৰ অশুদ্ধকৈ ব্যৱহাৰ কৰা কাৰ্য বন্ধ কৰা আৰু এই বৰ্ষত চৰকাৰীভাৱে পালন কৰা অতিকে আদৰণীয়- 'গ্রন্থবর্ষ' উপলক্ষে বাচনিকৃত যুৱলেখক সকলৰ স্বীকৃতি পত্রসমূহ বিদ্যায়তনিক নোহোৱা সত্ত্বেও নিজ মাতৃভাষাত নিলিখি ইংৰাজী অসমীয়া মিশ্রিত কৰি লিখাটো মাতৃভাষাৰ মর্যাদা হানিকৰ বুলি বিবেচিত কাৰ্যক পুনৰ বিৱেচনা কৰাৰ অনুৰোধ জনোৱাৰ লগতে ভাষা ব্যৱহাৰ আসোঁৱাহ সমূহ চৰকাৰে এক শীৰ্ঘে নির্দেশনা দি সমগ্র অসমতে দূৰ কৰ অসম মাতৃৰ সুযোগ্য সন্তান হিচাপে নিজৰ যশ-খ্যাতি বৃদ্ধি কৰি মাতৃভাষা অসমীয়াৰ উত্তৰোত্তৰ উন্নয়নত দৃষ্টান্তমূলক অৰিহনা আগবঢ়াবলৈ দাবী আহ্বান জনাই ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিত চিৰিং,সম্পাদক প্ৰেমানন্দ তালুকদাৰ আৰু সমন্বয়ক প্ৰফুল্ল হাজৰিকাৰ স্বাক্ষৰিত আৰু উল্লেখিত দাবী সম্বলিত এখন স্মাৰকপত্ৰ ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

ধেমাজি আন্তৰ্জাতিক মাতৃভাষা দিৱস