/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-17-25-01.jpeg)
ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভা শনিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে পতাকা উত্তোলনেৰে কৰ্মী সভাৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰা পাছতেই শ্বহীদ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/767d66a9-f00f-4597-8319-ef828a270165-2025-12-21-17-23-19.jpeg)
উল্লেষখ্য যে, বিয়লিলৈ জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ উদ্ধোধনী ভাষণত সভাপতি শৰ্মাই অসমত ছাত্ৰ সন্থাৰ আন্দোলনৰ ইতিবৃত্ত ,জন্মৰ ইতিবৃত্ত , বিভিন্ন পৰিস্থিতিত সন্থাৰ আন্দোলনৰ কাৰ্য্যসূচী আৰু বৰ্তমান আৰু ভৱিষ্যতে সদৌ অসম ছাত্ৰ সন্থাই কৰিব লগীয়া কৰনীয় সৰ্ম্পকে বিস্তৃতভাৱে অৱগত কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/bfb18adf-b37d-4a16-ba77-a087f6b5b4d3-2025-12-21-17-23-34.jpeg)
একেদৰে কৰ্মী সভাত অতিথি হিচাপে উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনও বক্তব্যত ছাত্ৰ সন্থাৰ দৃষ্টি ভংগী ব্যাখ্যা কৰা লগতে ছাত্ৰসন্থাই কৰণীয় ,সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী কৰা উপৰিও ৰাইজৰ মাজত থাকি জাতীয় জীৱনৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কি দৰে আগবাঢ়ি যাব পাৰি সেই বিষয়ে গুৰুত্বআৰোপ কৰে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/8b658dfa-0d62-4ee8-ae8d-565d33264c60-2025-12-21-17-24-30.jpeg)
প্ৰায় এহেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা কৰ্মী সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ক্ৰমে দিপক শৰ্মা , অনুপজ্যোতি ভুঞা আৰু সীমান্ত নেওগ ,সদৌ অসম ছাত্ৰ সন্থাৰ ৰ মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাস , কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিতেন্দ্ৰ চুতীয়া , কেন্দ্ৰীয় কাৰ্য্যনিবাহক দ্বয় বিতুপন চাংমাই আৰু জ্ঞানদীপ বৰাৰলগতে ডিব্ৰুগড় , শিৱসাগৰ ,তিনিচুকীয়া জিলাৰ সভাপতি সম্পাদক সকলে উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us