/asomiyapratidin/media/media_files/2025/11/22/ap-web-2-7-2025-11-22-12-27-55.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ উদ্যোগত আৰু বৰদলনি শিক্ষা খণ্ডৰ সহযোগত গোগামুখ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অধ্যয়নৰত বিদ্যাৰ্থীসকলৰ মনোগ্ৰাহী আৰু আনন্দদায়ক প্ৰণালীৰে জ্ঞান অৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণ শিকন সঁজুলি প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । শিক্ষা খণ্ডটোত প্ৰাথমিক তথা মণ্ডল পৰ্যায়ত নিৰ্বাচিত প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত বিদ্যালয়সমূহৰ প্ৰায় ৫৮ টা দলে অংশগ্ৰহণ কৰা এই মনোজ্ঞ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ ঝাই ।
উল্লেখ্য যে উদ্বোধনৰ প্ৰাকক্ষণত উপস্থিত সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী "মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি ... " শীৰ্ষক গীত পৰিবেশন কৰি জনতাৰ শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ বাবে প্ৰস্তুত কৰা শিক্ষণ সঁজুলিৰ দৃষ্টিনন্দন প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখন সামগ্ৰিক ভাবে পৰিচালনা কৰে খণ্ড সমল ব্যক্তি মুকুল সূতে ।
ধেমাজি জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ক্ৰমে দীপামনি ফুকন, জুৰিস্মিতা শ্যাম , শিখা ৰাজকুমাৰী আৰু নয়নমণি বৰাই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকি কণ কণ শিশুসকলৰ উপযোগী আৰু মনোগ্ৰাহী সৃষ্টিৰাজিৰ বাবে প্ৰস্তুতকৰ্তা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শলাগ লয় আৰু কিছু প্ৰাসংগিক পৰামৰ্শও আগবঢ়ায়। সমগ্ৰ শিক্ষা , ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ তত্বাবধানত অনুষ্ঠিত প্ৰতিযোগিতাত জিলা আঁচনি বিষয়া অৱনী নাথ , FLN ৰ প্ৰলোচক ক্ৰমে ৰশ্মি দলে আৰু জীৱন জ্যোতি শইকীয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক চুমী শইকীয়াৰ লগতে মণ্ডলৰ প্ৰতিগৰাকী মণ্ডল সমন্বয়কসকল উপস্থিত থাকি প্ৰতিযোগী শিক্ষা গুৰুসকলক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে ।
প্ৰাণিধানযোগ্য যে বিশেষজ্ঞ বিচাৰক সকলৰ অতি সুক্ষ্ম আৰু নিখুঁত বিচাৰৰ অন্তত প্ৰতিযোগিতাৰ সাক্ষৰতা শিতানত ১নং কৈলাশপুৰ কছাৰী প্ৰাথমিক বিদ্যালয়ে প্ৰথম, ২নং ঘটাপথাৰ বালিদেউৰী প্ৰাথমিক বিদ্যালয়ে দ্বিতীয়, আৰু ২নং কৃষ্ণপুৰ মিচিং প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে । আনহাতে , সাংখ্যিকতাৰ শিতানত মিংমাং কায়ুং বৰপথাৰ প্ৰাথমিক বিদ্যালয়ে প্ৰথম , উত্তৰ নলবাৰী প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু ভকত কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।
তাৰোপৰি প্ৰতিযোগিতাৰ অন্তত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চুমী শইকীয়াই অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি বাস্তৱিকতে অংশগ্ৰহণকাৰী প্ৰতিটো দলেই বিচাৰ প্ৰক্ৰিয়াত সফল বুলি উল্লেখ কৰি স্থানপ্ৰাপ্ত বিদ্যালয়সমূহক একোখনকৈ প্ৰশংসা পত্ৰ আৰু স্মাৰকসহ পুৰস্কৃত কৰাৰ লগতে আন অংশগ্ৰহণকাৰীসকলকো মণ্ডল পৰ্যায়ত একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত এনে শিক্ষণ আৰু শিকন সামগ্ৰীৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ বাবে সকলোকে আহ্বান জনাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us