ধেমাজিত ব্যাপক প্ৰতিবাদঃ ১ মাৰ্চৰ ভিতৰত বহিঃনিৰীক্ষক আক্ৰমণকাৰীক কৰায়ত্তৰ আশ্বাস আয়ুক্তৰ...

ধেমাজি জিলাৰ অকাজান জনজাতি বালিকা   উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত যোৱা ১৪ ফেব্ৰুৱাৰীত এদল উদণ্ড, জঘন্য ছাত্ৰ -ছাত্ৰীয়ে অৰ্তকিতে বহিঃ নিৰীক্ষক , শিক্ষক-কৰ্মচাৰী আৰু আৰক্ষী লোকৰ ওপৰত  বৰ্বৰভাৱে আক্ৰমণ কৰা  ঘটনাৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি জিলাৰ অকাজান জনজাতি বালিকা   উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত যোৱা ১৪ ফেব্ৰুৱাৰীত এদল উদণ্ড, জঘন্য ছাত্ৰ -ছাত্ৰীয়ে অৰ্তকিতে বহিঃ নিৰীক্ষক , শিক্ষক-কৰ্মচাৰী আৰু আৰক্ষী লোকৰ ওপৰত  বৰ্বৰভাৱে আক্ৰমণ কৰা  ঘটনাৰ প্ৰতিবাদত অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি-ঢকুৱাখনা মণ্ডলে মঙ্গলবাৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল যদিও অৱশেষত সাময়িকভাৱে স্থগিত কৰিবলগীয়া হয় ৷ জানিব পৰা মতে কলেজ শিক্ষকৰ এই আন্দোলনৰ প্ৰস্তুতিৰ খবৰ পাই কালি সন্ধিয়া জিলা প্ৰশাসনে  সংগঠনটোৰ বিষয়ববীয়া আৰু কেইবাজনো অধ্যক্ষৰ উপস্থিতিত এক আলোচনাত মিলিত হয় ৷

কিন্তু মঙ্গলবাৰে অসম কলেজ শিক্ষক সংস্হাৰ ধেমাজি-ঢকুৱাখনা মণ্ডলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে জিলা আয়ুক্তৰ আমন্ত্ৰণ মৰ্মে  দুপৰীয়া পুনৰ জিলা আয়ুক্তৰ সৈতে আলোচনাত বহে ৷ দুয়োপক্ষৰ আলোচনাৰ অন্তত জিলা আয়ুক্তই আগন্তুক ১  মাৰ্চৰ ভিতৰত বহিঃনিৰীক্ষক আক্ৰমণকাৰীক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিবলৈ অনুৰোধ জনায় ৷

ইয়াৰ পাছতে অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি-ঢকুৱাখনা মণ্ডলৰ এটা সজাতি দলে ধেমাজি প্ৰেছ ক্লাৱত বিয়লি ৩ বজাত  এক সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ পূৰ্বৰ কাৰ্যনিৰ্বাহক সভাৰ দাবী তথা সিদ্ধান্তসমূহ অৱগত কৰে ৷ সেই অনুসৰি ধেমাজি চিটি কলেজৰ অধ্যাপক তথা অকাজান জনজাতি ছোৱালী উঃমাঃ বিদ্যালয়ৰ বহিঃনিৰীক্ষক মনমোহন গগৈৰ সকলো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত কলেজ শিক্ষকসকলে অনির্দিষ্ট কাললৈ উচ্চতৰ মাধ্যমিকত পাঠদান কৰাৰ পৰা বিৰত থকাৰ লগতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ উত্তৰ বহী মূল্যায়ন কৰাৰ পৰা কলেজ শিক্ষকসকল বিৰত থাকিব বুলি সকীয়াই দিয়ে ৷

আনহাতে ভুক্তভোগী মনমোহন গগৈক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ আৰু প্রশাসনে হেমাহি তথা সোপা-ঢিলা নীতি অৱলম্বন কৰাৰ প্ৰতিবাদত যোৱা  ২৩ ফেব্ৰুবাৰী ৰাজ্যখনৰ প্ৰতিটো শিক্ষক গোটে প্রতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰি কলেজৰ কামকাজতে সর্বাত্মকভাৱে অসহযোগ কৰাৰ কথা উল্লেখ কৰে ৷

বহিঃ নিৰীক্ষক , শিক্ষক  - কৰ্মচাৰী আৰু আৰক্ষী লোকক আক্ৰমন কৰা পৰীক্ষাৰ্থী আৰু বাহিৰা দুবৃৰ্ত্তক তৎকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা , বৰ্তমানেও ডিব্ৰুগড়ৰত চিকিৎসাধীন  বহিঃ নিৰীক্ষক অধ্যাপক  মনমোহন গগৈক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা আৰু চিকিৎসাৰ সমুদায় খৰচ চৰকাৰে বহন কৰা , পৰীক্ষা কেন্দ্ৰত নিয়োজিত বহিঃ নিৰীক্ষক আৰু শিক্ষক-কৰ্মচাৰীৰ নিৰাপত্তা নিশ্চিত কৰা , অকাজান জনজাতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক শীঘ্ৰেই নিলম্বন কৰা , কেন্দ্ৰটোত  নিৰাপত্তাৰ ব্যৰ্থতাৰ বাবে দায়িত্বশীল আৰক্ষী বিষয়া আৰু পৰীক্ষাকেন্দ্ৰটোৰ দায়িত্ববাহী দণ্ডাধীশ কৰ্তব্যৰ গাফিলতিৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহন কৰা ,  নিগৃহীত বহিঃনিৰীক্ষক দ্বয় মনমোহন গগৈ আৰু ড° লিপিকা লহকৰক যাৱতীয় ছুটিৰ ব্যৱস্থা কৰা আৰু শিক্ষাৰ গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্যৰাখি মুকলিকৈ অসৎ উপায় অৱলম্বন কৰা পৰীক্ষা কেন্দ্ৰসমূহ অচিৰেই বন্ধ ব্যৱস্থা কৰাকে ধৰি মুঠ ৯ টা দাবী জনায় ৷

তেওঁলোকৰ এই দাবীসমূহ ১ মাৰ্চৰ ভিতৰত পূৰণ নহ'লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কলেজ শিক্ষক সংস্হাই  স্মাৰকপত্ৰযোগে সকীয়াই দিয়ে ৷ সংবাদমেলত ধেমাজি-ঢকুৱাখনা মণ্ডলিক অসম কলেজ শিক্ষক সংস্হাৰ সভাপতি ববিন কুমাৰ চুতীয়া , ভাৰপ্ৰাপ্ত সম্পাদক ড° বেনুধৰ দলে ,কাৰ্য্যনিৰ্বাহক ড° পংকজ বৰা আৰু অসম কলেজ শিক্ষক সংস্হাৰ বিত্তীয় সম্পাদক তথা কেন্দ্ৰীয় প্ৰতিনিধি প্ৰাঞ্জল গগৈৰ লগতে ধেমাজি- ঢকুৱাখনা মাণ্ডলিক সমিতিৰ অধীনৰ মুঠ ১৮ খন  মহাবিদ্যালয়ৰ শিক্ষক প্ৰতিনিধিয়ে উপস্থিত থাকে ৷

ধেমাজি