/asomiyapratidin/media/media_files/2025/10/24/ujjjdd-2025-10-24-22-40-07.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যানজিৎ শইকীয়া আদালতে এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা মহিলাক ধেমাজি গোৱালচাপৰি একে গাঁৱৰে প্ৰদীপ গগৈ নামৰ লোকজনে হত্যা কৰা অপৰাধত আদালতে শুক্ৰবাৰে হত্যাকাৰী প্ৰদীপ গগৈক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷
উল্লেখ্য যে ২০২১ চনৰ ২৯ এপ্ৰিলত দিনদুপৰতে ধেমাজি গোৱালচাপৰি গাঁৱৰ প্ৰদীপ গগৈ নামৰ লোকজনে একে গাঁৱৰে প্ৰমীলা গগৈ নামৰ ৬৫ বছৰীয়া বৃদ্ধা গৰাকীৰ ঘৰলৈ গৈ বৃদ্ধা মহিলা গৰাকীক তামোল এখন খাবলৈ বিচাৰিছিল ৷ মহিলা গৰাকীয়ে তামোল খাবলৈ পাণ নাই বুলি কোৱাত প্ৰদীপ গগৈয়ে আচৰ্য্যজনকভাৱে বৃদ্ধা মহিলা গৰাকীৰ কলিজাটোকে খাওঁ দে বুলি কৈ লগে লগেই ওচৰতে পোৱা কৰতখনে মহিলা গৰাকীৰ দেহটোকাটি ক্ষতবিক্ষত কৰি দেহৰ কলিজা আৰু দেহৰ অন্যান্য অংগবোৰ কাটি উলিয়াই দিয়ে৷
হত্যাকাৰী গগৈয়ে ইমানুতো ক্ষান্ত নাথাকি মহিলা গৰাকীৰ কলিজাটো মুখেৰে কামুৰি ৰাষ্টাৰলৈকে লৈ আহে ৷ এনে অদভূত হত্যাকাণ্ড দেখি সেই সময়ত গাঁওবাসী ৰাইজৰ মাজত মূহূৰ্ততেই হুৱাদুৱাৰ সৃষ্টি হৈছিল ৷এনে ঘটনাৰ পিছতেই গাঁওবাসী ৰাইজে ততাতৈয়াৰকৈ ধেমাজি সদৰ আৰক্ষী থানাত ঘটনাটোৰ বিষয়ে অৱগত কৰাত আৰক্ষীয়ে গৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷
পিছত তেওঁৰ পুত্ৰই আৰক্ষী থানাত এজাহাৰ দাখিল কৰা লগতে তদন্তকাৰী আৰক্ষী বিষয়া চন্দন বসুমতাৰীয়ে পৰবৰ্তী সময়ত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল ৷ এনে হত্যাকাণ্ডক লৈ পিছত ৫ গৰাকীকৈ লোকে সাক্ষ্যদান কৰা গোচৰে বিগত ৪ বছৰে আদালত চলা অন্তত শুক্ৰবাৰে আদালতে হত্যাকাৰী প্ৰদীপ গগৈক দোষী সাৱস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ বিহে ৷ গোচৰটো আচামী পক্ষৰ হৈ অধিবক্তা প্ৰাঞ্জল প্ৰতিম নেওগে উকালতি কৰাৰ বিপৰীত চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us